ডিব্রুগড়ত অগপৰ কার্যালয় ভাঙি লণ্ডভণ্ড আছু কর্মীৰ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে উত্তাল প্রতিবাদ অব্যাহত আছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্রুগড়ত ৷ দেওবাৰে প্রতিবাদী আছু কর্মীসকলৰ ৰোষত পৰে ডিব্রুগড় জিলা অগপৰ কার্যালয় ৷ উল্লেখ্য যে দেওবাৰে জিলা অগপৰ কার্যালয়ত আয়োজন কৰা হৈছিল এক বৰভোজৰ ৷ সেই সময়তেই প্রায় তিনি শতাধিক আছু আৰু তাই আহোম ছাত্র সন্থাৰ কর্মীয়ে জিলা অগপৰ কার্যালয়ত প্রৱেশ কৰি লণ্ডভণ্ড কৰে কাৰ্যালয়টো ৷ প্রতিবাদকাৰীসকলে কার্যালয়টোত উপস্থিত হৈ অগপৰ কর্মকর্তাসকলক বিভিন্ন প্রশ্ণবাণেৰে থকা-সৰকা কৰি কোনো সদুত্তৰ নোপোৱাত উত্তেজিত হৈ কার্যালয়টোৰ আচবাব, কম্পিউটাৰ, চকী–টেবুল আৰু কার্যালয়টোৰ দেৱালত থকা বিভিন্ন আলোকচিত্র, জাপি আদি দলিয়াই ভাঙি পেলায় ৷ আছু কর্মীসকলক এই কার্যত বাধা দিবলৈ অহা কেইবাজনো অগপ নেতা-কর্মী প্রতিবাদকাৰীসকলৰ্ আক্রমণৰ লক্ষ্য হৈ পৰে ৷ অৱশ্যে অগপৰ জিলা কার্যালয়টোত প্রতিবাদকাৰীসকলে আক্রমণ চলোৱাৰ পৰৱর্তী সময়ত উক্ত স্থানত আৰক্ষী, চি আৰ পি এফৰ এক বাহিনী উপস্থিত হৈহে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয় ৷ ঘটনা সন্দর্ভত ডিব্রুগড আৰক্ষীয়ে সাতজন আছু কর্মীক আটক কৰিছে৷

Comments (0)
Add Comment