তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত ১

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ সোমবাৰে দিনৰ ভাগত তামুলপুৰৰ কুমাৰীকাটাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰঙিয়া-ভূটান ঘাইপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল এখন Hyundai Venue কাৰ । এই দুৰ্ঘটনাত থিতাতে নিহত হয় চালকৰ আসনত থকা যুৱক মঃ ইক্ৰাম আলী ।

ইফালে গুৰুত্বৰভাৱে আহত হয় বায়েক জ্যোৎস্না বেগম আৰু ভাগিনীয়েক ইশান আলী । উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা কাৰ খনৰ নম্বৰ হৈছে AS-01 EH-4176 ৷ লগতে আটাইকেইজনৰ ঘৰ ভূটান সীমান্তৰ দৰংগামেলাত বুলি জানিব পৰা গৈছে ৷

Featuredপথ দুৰ্ঘটনা
Comments (0)
Add Comment