তেজপুৰত দুৰ্ঘটনাত থিতাতে নিহত ৪জন

ফুটবল খেল চাই উভতাৰ পথত এই দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ তেজপুৰৰ বিহগুৰিত শোকাৱহ দুৰ্ঘটনা। ৰৈ থকা ট্ৰাকত খুন্দা এখন ইণ্ডিগ’ মাঞ্জা বাহনৰ। দুৰ্ঘটনাত থিতাতে নিহত ৩জন লোক আৰু তেজপুৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় এজন লোকৰ। জুবিন আৰ্টিষ্ট একাদশ আৰু সাংবাদিক একাদশৰ ফুটবল খেল চাই উভতাৰ পথতেই সংঘটিত হয় দুৰ্ঘটনাটো। ঘন কুঁৱলীৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। নিহত লোককেইজন গৌতম দাস,মৃদুল শইকীয়া, উজ্জ্বল কুৰ্মী আৰু হোমেশ্বৰ নাথ।

তেজপুৰত দুৰ্ঘটনা