তেজপুৰত হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰতিবাদ ৰাইজৰ

১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ স্থানীয় ৰাইজৰ

তেজপুৰঃ ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে চহা কৃষকৰ খেতি-পথাৰ নষ্ট কৰাত অতিষ্ঠ হৈ তেজপুৰৰ বিহগুৰি অঞ্চলৰ ৰাইজে আজি অৱৰোধ কৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ। শীঘ্ৰে খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠাবৰ বাবে বন বিভাগক অনুৰোধ জনোৱাৰ লগতে বন বিভাগে ৰাইজৰ এই সমস্যাত কোনো গুৰুত্ৱ নিদিয়াৰ অভিযোগ তুলিছে চহা ৰাইজে। বিগত কেইবাদিনো ধৰি বহুকেইখন গাঁৱত হাতীয়ে চলোৱা উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে ৰাইজৰ। সেয়ে আজি স্থায়ী সমাধান বিচৰাৰ লগতে চৰকাৰ বিৰোধী শ্ল’গানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

তেজপুৰত প্ৰতিবাদ