দীপা কলিতাৰ মৃত্যু হত্যা নে আত্মহত্যা !!!!!

জনতাৰ ক্ষোভ–প্রতিবাদৰ অগ্ণিত দগ্ধ বস্ত্রনগৰী । হত্যাকাৰীক ফাঁচিৰ দাবীত ৰাজপথত শ শ মহিলা ।

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ বস্ত্রনগৰী শুৱালকুছিত এগৰাকী নৱবিবাহিত বোৱাৰীয়ে স্বামীৰ গৃহতে ৰহস্যজনকভাৱে চিপ লৈ আত্মহত্যা কৰা ঘটনাই সমগ্র অঞ্চলতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ প্রাপ্য তথ্য মতে, শুৱালকুছি সাধুতোলৰ প্রয়াত ৰঘু মহন্তৰ পুত্র বিদিত মহন্তই দুমাহ পূর্বে শুৱালকুছি বাঘেশ্বৰী পাহাৰ নিৱাসী প্রমোদ কলিতাৰ জীয়ৰী দীপা কলিতাক সামাজিক নিয়মৰে বিবাহ কৰাইছিল ৷ বিবাহৰ কেইদিনমান পিছতে স্বামী বিদিতৰ এগৰাকী অন্য যুৱতীৰ লগত পৰকীয়া প্রেমৰ কথা পত্নী দীপাই গম পায় ৷ এই লৈ দুয়োৰে মাজত সংঘাতৰ সূত্ৰপাত ঘটে ৷  ইপিনে বুধবাৰে নিশা এই সংঘাত তীব্রতৰ হয় আৰু স্বামী বিদিতে মদ্যপাণ কৰি পত্নী দীপাক নির্যাতন চলায় ৷ ফলত তেওঁলোকৰ কোঠাত থকা কিছু সামগ্রী লণ্ডভণ্ড হয় ৷ আনহাতে পুৱা ৰসহ্যজনকভাৱে দীপাক চিপ লৈ আত্মহত্যা কৰা অৱস্থাত স্বামীৰ পৰিয়ালে উদ্ধাৰ কৰে ৷ এই ঘটনা বিয়পি পৰাৰ লগে লগে শুৱালকুছিত প্রতিক্রিয়া আৰম্ভ হয় ৷ দীপাৰ পৰিয়ালৰ লোক তাত উপস্থিত হৈ আত্মহত্যাৰ ঘটনা দেখি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তোলে ৷ ইতিমধ্যে হাজোৰ ৰাজহ চক্র বিষয়া সমল বৰুৱা ঘটনাস্থলীত উপস্থিত হৈ সমস্ত ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে ৷ মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰিছে ৷ লগতে দীপাৰ পিতৃৰ পৰিয়ালে শুৱালকুছি থানাত এইয়া এক হাত্যাকাণ্ড বুলি অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰিছে ৷

মহিলাৰ সমদলঃ

হত্যাকাৰীক ফাঁচিৰ দাবীত ৰাজপথত শ শ মহিলা

বাঘেশ্বৰী পাহাৰ আঞ্চলি মহিলা সমিতিৰ সদস্যাসকলে দীপাৰ গৃহৰ পৰা স্বামী বিদিত মহন্তৰ গৃহলৈ এক উত্তাল সমদল কৰি হত্যাকাৰীৰ ফাঁচিৰ দাবীত শুৱালকুছিৰ আকাশ–বতাহ মুখৰিত কৰি তোলে ৷ ইতিমধ্যে বিদিত মহন্ত পলাতক অৱস্থাত আছে ৷ ইপিনে, বোৱাৰীগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ অন্তত শুৱালকুছি আহি পোৱাত আৰক্ষী প্রশাসন সমস্যাৰ সন্মুখীন হয় ৷ স্বামীৰ গৃহত কোনো নথকাত মৃতদেহ চমজি ল’বলৈ কোনো আগবাঢ়ি নহাত স্বামী বিদিত মহন্তৰ গৃহৰ ভিতৰতে সুমুৱাই ৰাখে ৷ ইফালে একাংশ মহিলাই স্বামীৰ গৃহ ঘেৰাও কৰি হত্যাকাৰী স্বামীক গ্রেপ্তাৰৰ দাবীত বিভিন্ন শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে ৷ অৱশ্যে চক্র বিষয়া আৰু উপ–আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে চেষ্টা অব্যাহতি ৰাখিছে যদিও বাতৰি যুগুতোৱা সময়লৈ কোনো মীমাংসা হোৱা নাই ৷ যাৰ ফলত মৃতদেহ স্বামীৰ গৃহতে আবদ্ধ হৈ আছে ৷ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে এলেকাটোত আৰক্ষী প্রশাসন সাজু হৈ আছে ৷

Featured
Comments (0)
Add Comment