দুবাৰকৈ মুখ্যমন্ত্রী হৈ অসম চুক্তিৰ বাবে কি কৰিলে ?

প্রফুল্ল মহন্তৰ বিৰুদ্ধে সৰৱ ফণীভূষণ চৌধুৰী

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ ‘কা’ লৈ বিভাজনৰ দিশে যোৱা আঞ্চলিক দল অগপত এতিয়া চলিছে নেতাৰ আক্রমণ–প্রত্যাক্রম যুঁজ৷ কালি দলৰ বিৰুদ্ধাচৰণ কৰি দলৰ প্রাক্তন সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্রী ফণীভূষণ চৌধুৰীক কটাক্ষ কৰি অসম আন্দোলনত ফণীভূষণ চৌধুৰীয়ে অংশ লোৱা নাছিল বুলি মন্তব্য কৰাৰ লগতে তেওঁৰ কোনো আৱেগ নাই বুলি উল্লেখ কৰিছিল৷

প্রফুল্ল মহন্তৰ এনে কটাক্ষৰ বিপৰীতে ফণীভূষণ চৌধুৰীয়ে মহন্তক প্রত্যুত্তৰ দি কয়– ১৯৮৫ চনত অসম চুক্তি সম্পাদন হোৱাৰ পাছত আছুৰ নেতৃত্বই ৰাজ্যৰ বিভিন্ন স্থানত ৰাজহুৱা সভা পাতি আন্দোলন সফল হোৱাৰ সভা পাতিছিল৷ এনেধৰণৰ সভা বঙাইগাঁৱত অনুষ্ঠিত কৰি প্রফুল্ল মহন্তই মোক অসম আন্দোলনত অংশ লোৱা বাবে সম্বর্ধনা জনাই প্রশস্তি–পত্র প্রদান কৰিছিল৷ উক্ত প্রশস্তি–পত্রত মোক উদ্দেশ্যি মুখ্যতঃ তিনিটা শব্দ প্রকাশ কৰিছিল– গাইড, ফিল’ছফাৰ আৰ ফ্রেইণ্ড৷ যদি মই অসম আন্দোলন কৰা নাছিলোঁ, তেন্তে মোক কিয় মহন্তই নিজ হাতে প্রশস্তি–পত্র প্রদান কৰিছিল৷ এই কথাবোৰ তেওঁ হয়তো পাহৰিছে৷

মন্ত্রী ফণীভূষণ চৌধুৰীয়ে ইয়াকো কয় যে ‘কা’ক লৈ অগপ পূর্বৰ স্তিতিত আছে৷ দলে উচ্চতম ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে আবেদন দাখিল কৰিছে৷ ২২ জানুৱাৰীলৈ আমি অপেক্ষা কৰিম৷ তেওঁ কয়– ‘কা’ক লৈ দলৰ বিৰুদ্ধে যোৱা মহন্তই দুবাৰকৈ মুখ্যমন্ত্রী হৈ চৰকাৰে গঠন কৰিলে৷ কিন্তু অসম চুক্তিৰ ৬নং দফা কার্যকৰী কৰাৰ বাবে একোৱেই নকৰিলে৷ সেয়াই নহয় নাগৰিকত্ব আইন পূর্বেও সংশোধন হৈছে৷ মহন্তৰ প্রথম মুখ্যমন্ত্রীৰ কার্যকালত আইনখন সংশোধন কৰি বিদেশীৰ সতি–সন্তানক নাগৰিকত্ব প্রদানৰ দিহা কৰিলে৷ কিন্তু তেতিয়া মহন্তই বিৰোধিতা নকৰিলে৷ অসম চুক্তি কার্যকৰী কৰাৰ বাবে মহন্তই কি কৰিলে৷

Comments (0)
Add Comment