ধনৰ বিনিময়ত ভূৰাগাঁৱত বিভাগীয় বিষয়া কৰ্মচাৰীয়ে জল জীৱনৰ স্হান সলনিৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া

 

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিল : মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ পূৱ বালিডোংগাত জল জীৱন মিচনৰ আঁচনিৰ স্হানকলৈ বিভাগ আৰু ৰাইজৰ মাজত সংঘাতৰ বাতৰি নিয়মীয়া বাৰ্তা ডিজিটেলত প্ৰকাশিত হোৱাৰ পিছতেই বালিডোংগা গাঁৱৰ নাজিৰুল ইছলাম, হিবজুৰ ৰহমান, ইলিয়াছ কবিৰ, গুলজাৰ হুছেইন আৰু নাজিম উদ্দিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংবাদিকৰ আগত প্ৰকাশ কৰে যে পূৱ বালিডোংগাৰ জল জীৱন মিচনৰ আঁচনিৰ স্হানকলৈ গাঁৱৰ ৰাইজ আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ মাজত কোনো সংঘাত হোৱা নাই।

এই আচঁনিৰ নামত কোনো ধৰণৰ ধনৰ লেন দেন হোৱাটো সম্পূৰ্ণ মিছা ও মনেসজা। পূৰ্বে নিৰ্ধাৰণ কৰা পঞ্চায়ত কাৰ্যালয়ৰ মাটিত থকা দুটাকৈ বিল্ডিং ভাঙি আঁচনি ৰূপায়ন কৰিব লাগে বাবে বিভাগীয় ভাৱে অনুমোদন দিয়া নাছিল । পঞ্চায়ত কাৰ্যালয়ৰ মাটিতো আঁচনিৰ ৰূপায়নত ৰাইজৰ আপত্তি আছে। পিছত বিভাগীয় কৰ্তৃপক্ষই ৰাইজৰ সহযোগত পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখতে গুলজাৰ হুছেইনৰ ম্যাদী ২ কঠা মাটিত আঁচনি ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ইতিমধ্যে আচঁনি ৰূপায়নৰ সকলো প্ৰক্ৰিয়া বিভাগে সম্পন্ন কৰিছে।