ধর্ষণৰ গোচৰত কাজিৰঙাত গ্রেপ্তাৰ বহুৰূপী–বিতর্কিত কংগ্রেছীক

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ ছণ্ডিকেট, দুর্নীতি, গোষ্ঠীসংঘর্ষ– এনে অনেক গুৰুতৰ অভিযোগত নাম সাঙোৰ খাই থকা এজন বহুৰূপী কংগ্রেছ নেতা অৱশেষত আৰক্ষীৰ জালত পৰিল৷

কাজিৰঙাৰ এখন বিলাসী হোটেলৰ পৰা দেওবাৰে পুৱাই বাইহাটা চাৰিআলি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে বৰপেটাৰোডৰ কংগ্রেছ নেতা মোজাম্মিল হকক৷ কংগ্রেছ নেতাগৰাকীৰ বিৰুদ্ধে বাইহাটা চাৰিআলি আৰক্ষী থানাত ৰুজু হৈছিল ১৫/২০ নম্বৰৰ এটা গোচৰ৷ এই গোচৰটো সন্দর্ভত অভিযান চলাই আৰক্ষীয়ে কাজিৰঙাৰ বাগৰি অঞ্চলৰ এখন হোটেলৰ পৰা বিতর্কিত কংগ্রেছ নেতাজনক গ্রেপ্তাৰ কৰে৷ গ্রেপ্তাৰৰ সময়ত মোজাম্মিল হকে বিজেপিৰ এজন জ্যেষ্ঠ নেতাৰ সৈতে ব্রেকফাষ্ট কৰি আছিল৷

অভিযোগ অনুসৰি যোৱা ১৬ জানুৱাৰীৰ নিশা বৰপেটাৰ এগৰাকী যুৱতীক ধর্ষণ কৰি মোজাম্মিল হকে গাড়ীৰে আনি বাইহাটা চাৰিআলিত এৰি থৈ যায়৷ উপায়হীন হৈ নির্যাতিত যুৱতীগৰাকীয়ে বাইহাটা আৰক্ষীৰ কাষ চাপে আৰু নির্যাতনকাৰী মোজাম্মিল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিতে ভাৰতীয় দণ্ডবিধিৰ ৪২০/৩৭৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তৎপৰতাৰে অভিযান আৰম্ভ কৰে আৰু কাজিৰঙাৰ পৰা কংগ্রেছ নেতাজনক গ্রেপ্তাৰ কৰে৷ লক্ষণীয় কথাটো হ’ল– এইগৰাকী মোজাম্মিল হক এজন বহুৰূপী কংগ্রেছ নেতা৷

বৰপেটাৰোডৰ এজন পৰিচিত মাফিয়া৷ চুৰি–ডকাইতিৰ পৰা আৰম্ভ কৰি গোষ্ঠীসংঘর্ষলৈ ক’ত জড়িত নাই এইজন কংগ্রেছীৰ নাম৷ যোৱা প্রায় ২০ বছৰ ধৰি তেওঁৰ নাম বিভিন্ন অপৰাধমূলক কার্যৰ সৈতে সাঙোৰ খাই আহিছে৷ বহু বছৰ পূর্বে মহানগৰীৰ লালমাটিৰ চৌধুৰী গেৰেজৰ পৰা এখন ট্রাক চুৰিৰ গোচৰত আৰক্ষীৰ জালত পৰিছিল মোজাম্মিল হক৷ কিন্তু তাৰ পাছৰে পৰা তেওঁ কংগ্রেছ দলৰ লগত জড়িত হৈ পৰে৷ ইয়াৰ লগে লগে যেন দাগী অপৰাধীজনৰ সাতখুন মাফ হৈ যায়৷ যাৰ বাবে আইন–আৰক্ষী সকলোকে বুঢ়া আঙুলি দেখুৱাই ইটোৰ পাছত সিটো অপৰাধমূলক ঘটনা সংঘটিত কৰি যায়৷ এখন ৰঙৰ টেমাভর্তি ট্রাক ডকাইতিৰ গোচৰতো মূল অভিযুক্ত আছিল একেগৰাকী কংগ্রেছ নেতা৷ কিন্তু ৰাজনৈতিক ৰক্ষণাবেক্ষণৰ বাবে কাহানিও শাস্তিৰ সন্মুখীন নহয় বহুৰূপী, ক্ষমতাশালী মোজাম্মিল হক৷ সময় যোৱাৰ লগে লগে তেওঁৰ অপৰাধৰ স্তৰো সলনি হৈ আহে৷ কোকৰাঝাৰৰ গোষ্ঠীসংঘর্ষৰ সময়ত নানা হিংসাত্মক কার্যকলাপত জড়িত থকাৰ অভিযোগত মোজাম্মিল হকৰ বিৰুদ্ধে ৰুজু হৈছিল ইটোৰ পাছত সিটো গোচৰ৷ তাৰ পাছতো কিন্তু গাৰ নোম এডালো নলৰিল এইজন কংগ্রেছীৰ৷ নিজৰ কু–কর্মৰ বাবেই যেন তেওঁ কংগ্রেছ দলৰ শীর্ষ নেতৃত্বৰ পৰা পুৰস্কৃতহে হৈ গৈ থাকিল৷ কেইবাগৰাকীও মূধাফুটা নেতাৰ ঘনিষ্ঠ হৈ পৰা মোজাম্মিল হকে সুৰা মাফিয়া ৰাজেশ জালানৰ লগত মিতিৰালিৰে সুৰাৰ বিয়াগোম অবৈধ সাম্রাজ্য চলাই গৈ থাকিল৷

পৰৱর্তী সময়ত শাসনলৈ আহে বিজেপি চৰকাৰ৷ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি ঘোষণা কৰা সর্বানন্দ সোণোৱাল চৰকাৰৰ আমোলৰ প্রথম দিনকেইটাতে ৰাজেশ জালানৰ সাম্রাজ্যত চি আই ডিৰ অভিযান চলিল৷ জালান গ্রেপ্তাৰ হ’ল, আদালতত দোষী সাব্যস্তও হ’ল৷ কিন্তু তাৰ পাছতো মোজাম্মিল হকে বুকু ফিন্দাই মুকলি আকাশৰ তলত ঘূৰি ফুৰিলে৷ কাৰণ বহুৰূপী কংগ্রেছীগৰাকীয়ে ইতিমধ্যে নিজৰ ৰূপ সলাইছিল আৰু এইবাৰ বিজেপিৰ বহু নেতাৰ স’তে সনা–পিটিকা আৰম্ভ কৰি ছিণ্ডিকেটত হাত দিছিল৷ কম দিনৰ ভিতৰতে বিজেপিৰ বহু প্রভাৱশালী নেতাৰ পাকঘৰৰ মানুহ হৈ পৰে মোজাম্মিল হক৷ সেই বাবেই আৰক্ষীয়েও তেওঁৰ গাত হাত দিবলৈ ভয় কৰে৷ কিন্তু এইবাৰ ধর্ষণৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত হোৱা বহুৰূপী কংগ্রেছী নেতাজনৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷ সম্প্রতি ধৃত কংগ্রেছ নেতা মোজাম্মিল হকক বাইহাটা চাৰিআলি আৰক্ষী থানাত জেৰা চলাই থকা হৈছে৷

Comments (0)
Add Comment