নগাঁও আৰক্ষীৰ জালত অস্ত্ৰসহ ৭ ডকাইত

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ নগাঁও আৰক্ষীৰ বিশেষ সফলতা । যোৱা ১৭ নৱেম্বৰৰ পুৱতিনিশা নগাঁৱৰ পুৰণিগুদামৰ কাষৰি গাঁওস্থিত ৰিলায়েঞ্চ পেট্ৰ’ল পাম্পত সংঘটিত ডকাইতিত জড়িত ৭ তাকৈ ডকাইতক গ্ৰেপ্তাৰ কৰিলে নগাঁও আৰক্ষীয়ে । ধৃত ডকাইত কেইটা ক্ৰমে জাকিৰ শ্বেইখ, মিনহাজ আহমেদ, দ্বীপজ্যোতি শৰ্মা, হেমন্ত হাজৰিকা, খনীনজ্যোতি হাজৰিকা আৰু ৰাজীৱ বৰদলৈ । ইপিনে এই ৭ জনীয়া ডকাইতৰ দলটোক আৰক্ষীয়ে ৰাজীৱ বৰদলৈৰ বঢ়মপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে । ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫ পিষ্টল আৰু এটা পইণ্ট ২২ পিষ্টল জব্দ কৰাৰ লগতে কম্পিউটাৰ ছেট আৰু চি চি টিভি কেমেৰাও উদ্ধাৰ কৰে । উল্লেখ্য যে ১৭ নৱেম্বৰৰ পুৱতিনিশা হেলমেট পিন্ধি ডিপোটোত প্ৰৱেশ কৰা ডকাইতৰ দলটোৱে বহু সময় ধৰি লুটপাত চলাই ৬০ হাজাৰ নগদ টকাসহ তিনিটা কম্পিউটাৰ, কেইবাটাও চি চি টিভি কেমেৰা, দুটাকৈ প্ৰিণ্টাৰ লৈ উধাও হৈছিল ।

Featured