নগাঁৱত আবকাৰী বিভাগৰ অভিযানঃ বৃহৎ পৰিমাণৰ দেশীয় সুৰা জব্দ

নিয়মীয়া বাৰ্তা, ২৭জুলাই : নগাঁও জিলা আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে আজি পুৱা নগাঁও চহৰৰ সমীপৰ ডিমৰুগুৰিত অভিযান চলাই বৃহৎ পৰিমাণৰ দেশীয় সুৰা জব্দ কৰিবলৈ সক্ষম হয়। জিলা আবকাৰী বিভাগৰ পৰিদৰ্শক সুভাষ বৈশ্য আৰু সহকাৰী পৰিদৰ্শক দেৱাশীষ দেৰ নেতৃত্বত যোৱা আবকাৰী বিভাগৰ দলে ডিমৰুগুৰিৰ ধনীৰাম দাসৰ ঘৰত অভিযান চলাই তিনিশ লিটাৰৰো অধিক দেশীয় সুৰা (চুলাই) জব্দ কৰিবলৈ সক্ষম হয়। আবকাৰী বিভাগে এই সন্দৰ্ভত ধনীৰাম দাস নামৰ এজন সুৰা ব্যৱসায়িক আটক কৰি বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিছে‌।