নগাঁৱত ক’ৰোনাৰ ব্যাপক গণ সংক্ৰমণ

নিয়মীয়া বার্তা, ১৮ জুলাইঃ নগাঁও জিলাত কৰ’নাত আক্ৰান্তৰ সংখ্যা অতি উদ্বেগজনক ভাৱে বৃদ্ধি পায়েই আছে। নগাঁও জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি আজি বিয়লি তিনি বজা পৰ্যন্ত জিলা খনত নতুনকৈ আৰু ১৫জন লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। আনহাতে,কালি বিয়লি তিনি বজাৰ পাছত অহা ক’ভিড পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি কালি বিয়লিৰ পৰা নিশা পৰ্যন্ত ৩১গৰাকী লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছিল।ইয়াকে লৈ জিলাখনত আজি বিয়লি তিনি বজা পৰ্যন্ত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১০৯৮গৰাকীলৈ বৃদ্ধি পাইছে।

জিলা প্ৰশাসনৰ তথ্যত উল্লেখ থকা অনুসৰি,জিলা খনৰ ২৬টা কোৱেৰেন্টাইন চেন্টাৰত আজিও ১২৩৮গৰাকী লোক কোৱেৰেন্টাইন হৈ আছে। অৱশ্যে সাত দিনীয়া কোৱাৰেন্টাইন সম্পূৰ্ণ হোৱাৰ পাছত আজি ১০৭গৰাকী লোকক ঘৰলৈ যাবলৈ দিয়া হৈছে। উল্লেখ্য যে, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯হাস্পতালত আজিৰ দিনটোত ৯৩গৰাকী, কন্দলী আদৰ্শ চিকিৎসালয়ত ৩২ গৰাকী, উজৰাগাঁও আদৰ্শ চিকিৎসালয়ত ৩২ গৰাকী, মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ৩১গৰাকী আৰু চিমনাবস্তি আদৰ্শ চিকিৎসালয়ত ২২গৰাকী কৰ’না ৰোগী চিকিৎসাধীন হৈ আছে।

স্বাস্থ্য বিভাগে চহৰ খনত কৰ’না ৰোগীৰ খৰতকীয়া চিনাক্তকৰণৰ বাবে আৰম্ভ কৰা ৰেপিড এন্টিজেন টেষ্টৰ লগে লগেই ইজনৰ পাছত সিজনকৈ লোকৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে। আজিও নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ এজন কৰ্মচাৰীৰ ৰেপিড এন্টিজেন টেষ্ট কৰোৱাত তেওঁ ক’ৰনাত আক্ৰান্ত হোৱাটো নিশ্চিত হয়। ৰেপিড এন্টিজেন টেষ্টত ক’ভিড-১৯ পজিটিভ ধৰা পৰা নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী জনৰ নাম পবিত্ৰ লাডুৰ বুলি নগাঁও জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই জনাইছে। স্মৰ্তব্য যে,লাডুৰ উপায়ুক্ত কাৰ্যালয়ৰ উন্নয়ন শাখাৰ কাৰ্যালয় সহায়ক। লাডুৰৰ লগতে তেওঁৰ পৰিয়ালৰ আন তিনিজনো ক’ৰ’নাত আক্রান্ত হৈছে।তেওঁ কেইবাদিনো ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে।

পিনে,নগাঁও অসামৰিক চিকিৎসালয়তো আজি বিৰাজ কৰে হাহাকাৰ সদৃশ পৰিস্থিতিৰ ৷ চিকিৎসালয় খনত ৰেপিড এন্টিজেন্ট টেষ্টৰ প্ৰশিক্ষণ দিয়া এজন প্ৰশিক্ষকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাৰ লগে লগেই চিকিৎসালয় খনত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা নগাঁৱৰ এই স্বাস্থ্য কৰ্মী জনৰ নাম দেৱজিৎ বৰা। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ লেৱৰটৰী টেকনিচিয়ান বৰাই যোৱা কালি চিকিৎসালয়খনত ৰেপিড এন্টিজেন্ট টেষ্টৰ প্ৰশিক্ষণ দি আছিল । তেওঁৰ স্বাৱ পৰীক্ষা কৰোতে ধৰা পৰে ক’ভিড-১৯পজিটিভৰ অৱস্হিতি ৷ যাকলৈ হাঁহাকাৰ লাগে প্ৰশিক্ষণ গ্ৰহণ কৰি থকা স্বাস্থ্য কৰ্মী সকলৰ মাজত। দেৱজিতৰ লগতে তেওঁৰ দুই ভাতৃ কুশজিত বৰা আৰু কুলজিত বৰাও ক’ৰ’নাত আক্রান্ত হৈছে। ইপিনে নগাঁৱৰ শেনচোৱাৰ সূচিত্রা হাজৰিকা নামৰ মহিলা গৰাকী ক’ৰ’নাত আক্রান্ত হৈছে। আনহাতে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ইজনৰ পিছত সিজন হাজোতী ক’ভিডত আক্ৰান্ত হৈছে ।

কাৰাগাৰখনত স্বাস্হ্য বিভাগে কৰা ৰেপিড এন্টিজেন্ট পৰীক্ষাত চাৰিজন হাজোতীৰ দেহত ক’ভিড পজিটিভ চিনাক্ত হয় । হাজোতী কেইজন হৈছে শ্বহিদুল সৰকাৰ , নোমল ভূঞা, কামিনী কাঞ্চন বৰুৱা আৰু বিশ্বজিৎ দেৱনাথ । কালিয়ে এই কেইজনৰ ক’ভিড চিনাক্ত হয় যদিও তেওঁলোকক আজিও স্বাস্হ্য বিভাগে চিকিৎসাৰ বাবে ক’ভিড হস্পিতাললৈ নিয়া নাই । মুলতঃ নিৰাপত্তাজনিত কাৰণতে হাজোতী কেইজনক চিকিৎসালয়লৈ নিয়া হোৱা নাই বুলি জানিব পৰা গৈছে । ইফালে, কেইদিনমান পূৰ্বে ক’ভিডত আক্ৰান্ত হোৱা কাৰাগাৰ খনৰ আব্দুল গফুৰ নামৰ আন এজন হাজোতীক কালি কাৰাগাৰ খনলৈ ওভোটাই পঠিওৱা হয় বুলি জানিব পৰা গৈছে । এই হাজোতীজনক ১৪ জুলাইত চিকিৎসাৰ বাবে নগাঁৱৰ ক’ভিড হস্পিতালত ভৰ্তি কৰা হৈছিল ।

কিন্তু তিনিদিনৰ পিছতে কালি তেওঁক কাৰাগাৰলৈ ওভোটাই পঠিওৱা হয় । মুলতঃ নিৰাপত্তাজনিত কাৰণতে চিকিৎসা সম্পূৰ্ণ নোহোৱাকৈ হাজোতীজনক কাৰাগাৰলৈ ঘূৰাই পঠিওৱা হয় বুলি সন্দেহ কৰা হৈছে । কালি সোণাপুৰ ক’ভিড চেন্টাৰৰ পৰা এজন কাৰাবন্দীয়ে পলাবলৈ চেষ্টা কৰাৰ পিছতে সতৰ্কতামূলক ব্যৱস্হা হিচাপে প্ৰশাসনে এনে কৰাৰ সন্দেহ কৰা হৈছে । ইফালে, ক’ভিড ৰোগীক কাৰাগাৰতে ৰখাক লৈ আন কাৰাবন্দী আৰু কৰ্মচাৰীলৈ ক’ভিড সংক্ৰমণৰ আশংকাত ত্ৰস্তমান হৈছে কাৰাগাৰ কৰ্তৃপক্ষ । উল্লেখযোগ্য যে- নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰৰ চিকিৎসক ডাঃ পূৰ্ণানন্দ বৰা ইতিমধ্যে কভিড -১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা পাছত কাৰাগাৰ খনত কোনো চিকিৎসক বা স্বাস্হ্য কৰ্মী নাই। আনকি পি পি কিট অভাৱত কাৰাগাৰ খনৰ বিষয়া কৰ্মচাৰী সকলে অসহায় অনুভৱ কৰাৰ লগতে নিজৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে।

জিলা প্ৰশাসনেও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ,যাৰ বাবে কেন্দ্ৰীয় কাৰাগাৰত ব্যাপক হাৰত কভিড -১৯ৰ সংক্ৰমণ ঘটাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। নগাঁও হয়বৰগাওঁ শাস্ত্ৰী নগৰৰ অজিত ৰয় নামৰ এজন চিকিৎসক কভিড-১৯ ত আক্ৰান্ত হৈছে।চিকিৎসক জনে শ্বাস-প্ৰশ্বাস জনিত ৰোগত ভুগি থকাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।আনপিনেদি কৃষ্ণ বৰদলৈ নামৰ আন এজন লোকৰ লগতে জেইল ৰোডৰ সুমিত্ৰা লেডুৰ আৰু পাৰ্থপ্ৰতীম বৰ্মণ নামৰ দুজন কিশোৰো কভিড-১৯ত আক্ৰান্ত হৈছে।