নগাঁৱত দুটা অবৈধ কাঠফলা মিল জব্দ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ নগাঁও সদৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনৰক্ষী বাহিনীয়ে অভিযান চলাই আজি দুটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় । নগাঁও সদৰ বনাঞ্চলিক বিষয়া কল্যানী মালাকাৰৰ নেতৃত্বত যোৱা বনবিভাগৰ দলে বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ৰূপহী আৰু শিমলুগুৰিত অভিযান চলাই অবৈধ কাঠমিল দুটা জব্দ কৰে ।

অৱশ্যে অবৈধ কাঠমিল দুটাৰ গৰাকীক আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ যে ৰূপহী, শিমলুগুৰি আদি অঞ্চলত একাংশ লোকে অবৈধ ভাৱে কাঠমিল স্থাপন কৰি চোৰাং কাঠৰ ৰমৰমীয়া ব্যবসায় চলাই আহিছে ।