নগাঁৱৰ প্রধান ডাকঘৰত অচলাৱস্থা; ছমাহে নাই ১০–২০ টকীয়া আইপিঅ’

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ নগাঁও চহৰৰ মাজমজিয়াত থকা নগাঁৱৰ প্রধান ডাকঘৰত সম্প্রতি বিৰাজ কৰা অৰাজক পৰিস্থিতিৰ বাবে ৰাইজে চৰম হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে৷ উত্থাপিত অভিযোগ অনুসৰি, নগাঁও প্রধান ডাকঘৰত বিগত প্রায় ছমাহ ধৰি নাই কম মূল্যৰ ইণ্ডিয়ান প’ষ্টেল অর্ডাৰ চমুকৈ আই পি অ’৷

বিশেষকৈ কম মূল্যৰ অর্থাৎ ১০ টকা আৰু ২০ টকীয়া আই পি অ’ প্রায় ছমাহ দিন ধৰি উপলব্ধ হোৱা নাই এই ডাকঘৰত৷ সর্বসাধাৰণ ৰাইজৰ বাবে এই দুবিধ আই পি অ’ সততে প্রয়োজন৷ মূলতঃ তথ্য জনাৰ অধিকাৰ আইন চমুকৈ আৰ টি আইৰ আবেদনকাৰীৰ বাবে এই দুবিধ আই পি অ’ অত্যন্ত জৰুৰী৷ কিয়নো সাধাৰণ শ্রেণীৰ আৰ টি আই আবেদনকাৰীয়ে আবেদনৰ লগত অতি কমেও ১০ টকা দিব লাগে আৰু প্রায় সকলো বিভাগেই নগদ ১০ টকা ল’বলৈ অস্বীকাৰ কৰে৷ তেনেক্ষেত্রত ১০ টকা মূল্যৰ আই পি অ’ৰ অতিকৈ প্রয়োজন হয়৷ অকল আৰ টি আই আবেদনকাৰীয়েই নহয়, তৃতীয় আৰু দ্বিতীয় শ্রেণীৰ ঠিকাদাৰসকলে ঠিকা লাভৰ প্র–পত্র সংগ্রহৰ লগতে অন্যান্য ক্ষুদ্র মাচুল জমা দিয়াকে ধৰি অন্যান্য বিভাগীয় কাম–কাজৰ ক্ষেত্রতো এই দুবিধ আই পি অ’ৰ প্রয়োজন হয়৷ এইদৰে এই দুবিধ আই পি অ’ নগাঁৱৰ প্রধান ডাকঘৰকে ধৰি জিলাখনৰ কোনো এখন উপ–ডাকঘৰত উপলব্ধ নোহোৱাত অধিক মূল্যত অর্থাৎ ১০–২০ টকীয়া আই পি অ’ৰ ঠাইত ৫০–১০০ টকীয়া আই পি অ’ জমা দি নিজৰ কাম আদায় কৰিব লগা হোৱাত ৰাইজে ভীষণ সমস্যাৰ সন্মুখীন হৈছে৷

ইপিনে, সমগ্র দেশতে ডাক বিভাগৰ লগতে প’ষ্টেল বেংক নতুনকৈ প্রৱর্তন কৰি ৰাইজক অন্যান্য ৰাষ্ট্রীয়কৃত বেংকৰ দৰে সকলো সুবিধা দিয়াৰ ব্যৱস্থা কৰা হৈছে যদিও জিলাখনৰ ডাক সেৱাৰ মূল কেন্দ্রবিন্দু নগাঁও প্রধান ডাকঘৰত বিভাগীয় নীতি–নির্দেশনা উলংঘা কৰি গ্রাহকে লাভ কৰা চেক নাইবা বেংক ড্রাফ্ট জমা নোলোৱাৰ অভিযোগো উঠিছে৷ এইক্ষেত্রত ৰাইজে কর্তৃপক্ষৰ হস্তক্ষেপ কাম কৰিছে৷

Comments (0)
Add Comment