নতুন ৰূপত জিলিকি উঠিব শুৱালকুছি

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিৱেশনলৈ মাজত মাত্র ২৫ দিন৷ অধিৱেশনৰ প্রস্তুতি ইতিমধ্যে তুংগত উঠিছে৷ অধিৱেশনস্থলী ‘শুৱালকুছি জ্যোতিক্ষেত্র’ৰ চৌহদত বিভিন্ন কাম–কাজ আগবাঢ়ি থকা পৰিলক্ষিত হৈছে৷ অস্থায়ী হেলীপেডৰ লগতে তালৈ অহা–যোৱা কৰা প্রকাণ্ড পথ এটা নির্মাণৰ কাম শেষ পর্যায় পাইছে৷ জ্যোতিক্ষেত্র চৌদিশৰ সেউজ বালিচৰ চিকুনাই তুলি সমগ্র এলেকাটোত বিদ্যুতৰ পোহৰেৰে উজলাই তোলাৰ বাবে বিদ্যুৎ বিভাগে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে৷ ইয়াৰ উপৰি সমগ্র শুৱালকুছি এলেকাত বিদ্যুতৰ তাঁৰবোৰ আঁতৰাই কেৱলৰ জৰিয়তে বিদ্যুৎ যোগান ধৰাৰ ব্যৱস্থা কৰিছে৷ আনফালে ৰাজ্যৰ গডকাপ্ঢানী বিভাগে শুৱালকুছিৰ কিছু কিছু পথ নতুনকৈ নির্মাণ কৰাৰ উপৰি আন পথো বহল কৰাৰ ব্যৱস্থা কৰি দিনে–নিশাই ক্ষিপ্রগতিত কাম ত্বৰান্বিত কৰি তুলিছে৷ অধিৱেশনস্থলীলৈ যোৱা পথসমূহৰ উন্নয়নৰ কামো তীব্রগতিত চলাইছে৷ নির্মাণত জডিতসকলে অধিৱেশনৰ কিছুদিন পূর্বেই সকলো কাম সমাপ্ত হ’ব বুলি অৱগত কৰিছে৷ আকৌ শিঙিমাৰীৰ পৰা শুৱালকুছিলৈ এইছোৱা ফৰলেনযুক্ত পথৰ কামো তীব্র গতিত চলি আছে৷ দুই–এদিনতে মূল মণ্ডপ, প্রদর্শনী ষ্টল, গ্রন্থমেলাৰ ষ্টল, বাণিজ্য মেলাৰ ষ্টলৰো কাম আৰম্ভ হ’ব৷ ২৫ জানুৱাৰীৰ ভিতৰত সকলো প্রস্তুতি সম্পূর্ণ হৈ উঠিব৷ আদৰণী সমিতিৰ সভাপতি ড০ হিমন্ত বিশ্ব শর্মাই সকলো কামৰে অগ্রগতিৰ বুজ লোৱাৰ উপৰি আদৰণী সমিতিৰ কর্ণধাৰ সমিতিৰ লগত অধিৱেশন সন্দর্ভত বিভিন্ন আলোচনা কৰি অধিৱেশনৰ যাৱতীয় কাম–কাজবোৰ আগবঢ়াই নিয়াৰ দিহা–পৰামর্শ দিছে৷ অধিৱেশনলৈ অহা প্রতিনিধিসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰো সু–ব্যৱস্থা গ্রহণ কৰা হৈছে৷ শুৱালকুছিৰ প্রতিখন শিক্ষানুষ্ঠানৰে অভাৱ–ভিযোগবোৰ সম্পূর্ণ দূৰীকৰণ কৰাৰ উপৰি চাল–বেৰসমূহ ৰঙীন কৰি তোলা হৈছে৷ খোৱাপানীৰ সু–ব্যৱস্থা কৰিছে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে৷ অধিৱেশনস্থলীত দিনে–নিশাই পানী যোগান ধৰাৰ বাবে সিদ্ধেশ্বৰ দেৱালয়ত নতুনকৈ নির্মাণ কৰা হৈছে বৃহৎ পানীৰ টেংকি৷ শুৱালকুছিৰ পূব দিশৰ পৰা পশ্চিম দিশলৈ সকলো ঠাইতে চলিছে উন্নয়নৰ কাম৷ মুঠতে শুৱালকুছিৰ পূর্বৰ চেহেৰা সম্পূর্ণ সলনি হৈছে৷ অসমৰ ৰাইজে নতুন ৰূপত দেখা পাব বস্ত্রনগৰী শুৱালকুছিক৷ অৱশ্যে ইয়াৰ সিংহভাগ কৃতিত্ব স্থানীয় বিধায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বুলি ৰাইজৰ মাজত চর্চা চলিছে৷ আদৰণী সমিতিৰ উপ–সমিতিবোৰেও নিজৰ নিজৰ কামত অগ্রসৰ হৈছে৷ আলোচনীৰ কাম শেষ পর্যায় পাইছে৷ শুৱালকুছি আৰু ইয়াৰ পার্শ্বৱর্তী’ অঞ্চলৰ তথ্য সম্বলিত এখন অন্যতম আলোচনী হোৱাৰ সম্ভাৱনা আছে শুৱালকুছি অধিৱেশনৰ আলোচনীখন৷

Comments (0)
Add Comment