নাহৰকটীয়াত মালবাহী ৰে’ল লাইনচ্যুত হোৱাত ৰে’ল চলাচলৰ পথ সলনি

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ তিনিচুকীয়াৰ পৰা যাত্রা কৰা এখন মালবাহী ৰে’ল দেওবাৰে নিচেই পুৱাতে নাহৰকটীয়া ষ্টেচন পাবলৈ প্রায় এক কিলোমিটাৰ থকা অৱস্থাত লাইনচ্যুত হয় ৷ যাৰ বাবে বাতিল হয় নাহৰকটীয়া হৈ তিনিচুকীয়ালৈ আহ–যাহ কৰিবলগীয়া ৰে’লসমূহৰ চলাচল ৷ বিভাগীয় সূত্রৰ পৰা জানিব পৰা মতে, পথছোৱা মেৰামতি কৰিবলৈ দুই–তিনি দিন সময়ৰ প্রয়োজন হ’ব ৷ সেই সময়ছোৱাত মৰিয়নি আৰু তিনিচুকীয়াৰ মাজত চলাচল কৰা ৰে’লসমূহ মৰাণ–ডিব্রুগড হৈ চলাচল কৰিব ৷

ইপিনে বহুকেইখন যাত্রীবাহী ৰে’লৰ চলাচলৰ পথ সলনি কৰা হৈছে ৷ আন কেইবাখনো ৰে’লৰ চলাচল আংশিকভাৱে বাতিল কৰিবলগীয়া হৈছে ৷ ইয়াৰ ভিতৰত বাতিল কৰা হয় তিনিচুকীয়া–যোৰহাট চহৰ যাত্রীবাহী ৰে’লৰ চলাচল ৷ তদুপৰি লামডিং–তিনিচুকীয়া যাত্রীবাহী ৰে’ল মৰিয়নি আৰু তিনিচুকীয়াৰ মাজত আংশিকভাৱে বাতিল কৰা হয় ৷

Comments (0)
Add Comment