নুমলীগড় শোধনাগাৰৰ মূখ্যদ্ৱাৰ ভাঙি হাতীৰ উপদ্ৰব

হাতীয়ে ভাঙিলে কেইবাখনো স্কুটী-চাৰিচকীয়া বাহন

নুমলীগড়ঃ ক্ৰমাৎ ৰাজ্যত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। দিনকদিনে বাঢ়ি অহা জনসংখ্য়া আৰু বনাঞ্চল ধ্ৱংসই ইয়াৰ মূল কাৰণ বুলি ক’ব পাৰি। হস্তীদণ্ডীসমূহ বন্ধ কৰি বৃহৎ বৃহৎ অট্টালিকা দেৱাল আদি নিৰ্মাণ কৰাৰ ফলত জনাঞ্চলত হাতীৰ উপদ্ৰব দৈনিক বৃদ্ধি পাব ধৰিছে। নুমলীগড় শোধনাগাৰৰ মূখ্যদ্বাৰ ভাঙি আজি এটা বন্যহস্তীয়ে কেইবাখনো স্কুটীৰ লগতে চাৰিচকীয়া বাহনৰ ক্ষতিসাধন কৰে। ফলত কেইবাঘণ্টাজুৰি স্তৱ্ধ হৈ পৰে শোধনাগাৰটোৰ কাম-কাজ।

NRLত হাতীৰ উপদ্ৰব