পাঁচনৈত হোমেন বৰগোহাঞিক সম্বর্ধনা আছু, যুৱ–ছাত্র, সাহিত্য সভাৰ

নিয়মীয়া বার্তা,৩০ ডিচেম্বৰঃ ঢেকীয়াজুলি ৰাজহ চক্রৰ পাঁচনৈ অঞ্চলৰ কনকা ভিলেজ ৰিজ’টত দেওবাৰে বিশেষ ভ্রমণসূচী লৈ সপৰিয়ালে আহি উপস্থিত হয় প্রসিদ্ধ সাহিত্যিক–বুদ্ধিজীৱী– হোমেন বৰগোহাঞি৷ ওৰাং ৰাষ্ট্রীয় উদ্যানত নিশা কটোৱাৰ পাছত আগবেলা পুত্র–বোৱাৰী–নাতিনীস্ কনকা ভিলেজ ৰিজ’টত উপস্থিত হয় সাহিত্যিকগৰাকী৷

প্রখ্যাত কথাশিল্পীগৰাকী ৰিজ’টখনত উপস্থিত হোৱাৰ পাছতে স্বত্বাধিকাৰী পল্লৱজ্যোতি নাথ আৰু কর্মচাৰীসকলে পদূলিমুখতে বৰগোহাঞিৰ লগতে পৰিয়ালৰ সদস্যবৃন্দক ফুলাম গামোচাৰে আদৰণি জনায়৷ ৰিজ’টখনতে চিৰাজুলি শাখা সাহিত্য সভাৰ সম্পাদক তথা সাংবাদিক–লেখক সুজিৎ কটকী, চিৰাজুলি যুৱ–ছাত্র পৰিষদৰ সভাপতি তথা তৰুণ লেখক সংকেশ্বৰ কোচ, পাঁচনৈ শাখা ছাত্র সন্থা আৰু পশ্চিম ঢেকীয়াজুলি আছুৰ এটা দলে তেওঁক সম্বর্ধনা জনায়৷ ছাত্র সন্থাৰদলটোত উপস্থিত থাকে শোণিতপুৰ জিলা আছুৰ কার্যনির্বাহক দিব্যজ্যোতি নাথ, পশ্চিম ঢ়েকীয়াজুলি আঞ্চলিক ছাত্র সন্থাৰ সহকাৰী সম্পাদক ভাস্কৰজ্যোতি নাথ, বিত্ত সম্পাদক প্রাণজিৎ নাথ, পাঁচনৈ শাখা ছাত্র সন্থাৰ সভাপতি কল্পজ্যোতি নাথ আৰু সম্পাদক কৌশিক পাপুল নাথ৷ সাহিত্য সভা, আছু আৰু যুৱ–ছাত্র পৰিষদৰ সদস্যসকলে প্রবীণ সাহিত্যিক– চিন্তাবিদগৰাকীৰ চৰণ স্পর্শ কৰি শুভাশিস গ্রহণ কৰে৷ দেওবাৰৰ দিনটোত ভিলেজ ৰিজ’টখনলৈ আগমন ঘটা ৰাজ্যৰ ভিন্ন স্থানৰ অন্যান্য লোক আৰু গাঁওবাসীয়ে প্রিয় সাহিত্যিকগৰাকীক কাষতে পাই উৎফুল্লিত হৈ পৰে৷ সাংবাদিক সুজিৎ কটকী, সংকেশ্বৰ কোচৰ লগতে ওৰাঙৰ লেখক–সাংবাদিক তথা শিক্ষক অতুল চন্দ্র নাথ আৰু ওৰাং খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্রৰ আঁচনি প্রবন্ধক পংকজ সভাপণ্ডিতে বৰগোহাঞিক দিনজোৰা এই ভ্রমণত সংগ দিয়ে৷ আনহাতে, কনকা ভিলেজ ৰিজ’টলৈ আহি যশস্বী সাহিত্যিকগৰাকীয়ে সন্তোষ প্রকাশৰ লগতে উদ্যমী যুৱক পল্লৱজ্যোতি নাথৰ পদক্ষেপৰ প্রশংসা কৰে৷ ৰাইজৰ মৰম–স্নেহ–আদৰ আৰু আতিথ্যত তেওঁ অভিভূত হৈ পৰা বুলিও সাহিত্যিকগৰাকীয়ে প্রকাশ কৰে৷

Featuredনিয়মীয়া বাৰ্তা
Comments (0)
Add Comment