বইটামাৰীত ৰাৱণৰ ৰাজপ্রাসাদৰ আর্হিত নির্মাণ ভেলাঘৰ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদ চলি থকাৰ মাজতে অসমৰ আন আন প্রান্তৰ লগতে বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চলতো চলিছে মাঘ বিহুৰ ব্যস্ততা৷ বিহুৰ মেজি সজাত বইটামাৰীৰ বাজিতপাৰা, জলাখাতা আৰু বান্নিপাৰা গাঁওবাসী ব্যস্ত হৈ পৰিছে৷

বাজিতপাৰা আৰু বান্নিপাৰা গাঁওবাসীয়ে সমূহীয়াভাৱে বান্নিপাৰা খেতিপথাৰত ৰাৱণৰ মহলৰ আর্হিত এটি মেজি সাজি আছে৷ যোৱা ২ ডিচেম্বৰত লাইখুঁটা স্থাপন কৰা এই মেজি নির্মাণৰ বাবে অঞ্চলটোৰ পুৰুষ–মহিলাসকল দিনে–নিশাই ব্যস্ত হৈ পৰিছে৷ নিশাৰ ভাগতো যুৱকসকলে বিজুলী–বাতিৰ পোহৰত নির্মাণ কৰি আছে মেজি৷ মেজি নির্মাণৰ বাবে ব্যৱহাৰ কৰিছে বাঁহ, খেৰ, ধানখেৰ, নৰা৷ তিনি চাৰি দিনৰ ভিতৰতে মেজি নির্মাণৰ কাম সম্পূর্ণ হৈ উঠিব বুলি প্রকাশ কৰিছে উদ্যোক্তাসকলে৷

উৰুকাৰ নিশা তাতে ভোজৰ আয়োজন কৰা হ’ব৷ পিছদিনা পুৱাই নাম–প্রসংগৰে মেজি উদ্বোধন কৰিব৷ তাৰ পিছতে মেজি দাহন কৰিব জনপ্রিয় কণ্ঠশিল্পী বৰষা বৰাৰ লগতে অঞ্চলটোৰ শিল্পীসকলৰ অনুষ্ঠান পৰিৱেশন কৰিব৷

Comments (0)
Add Comment