নিয়মীয়া বাৰ্তা , ৮,মে :- বগৰীবাৰীৰ ঐতিহাসিক ৰাজবাৰীত থকা আধ্যাত্মিক গুৰু বৰি শংকৰৰ আশ্ৰমত কালি এক গাম্ভীৰ্য্যপূৰ্ণ পৰিবেশত অঞ্চলটোৰ মহিলাসকলক সবলীকৰণ বাবে এক প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়। আধ্যাত্মিক গুৰু ৰবি শঙ্কৰদেৱৰ সামাজিক উণ্ণনয়ৰ অংশ হিচাপে অঞ্চলটোৰ মহিলাসকলক সবলীকৰণ আৰু আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে চিলাই প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভনী সভা অনুষ্ঠিত হয় ।এই শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে বিলাসীপাৰা মহকুমাৰ মহকুমাৰধিপতি জয় শিবাণী,আটানী ৰাজহ চক্ৰ বিষয়া ৰাবিয়া বেগম,আধ্যাত্মিক গুৰু ৰবি শংকৰৰ আশ্ৰমৰ তত্বাৱধানত থকা ব্ৰহ্মচাৰী অচ্যুত মহাৰাজ , এই প্ৰশিক্ষণ শিবিৰৰ মনালিচা বৰপূজাৰী, বিলাসীপাৰা টাউন কমিটিৰ সভানেত্ৰী মনালিচা দাস, আমবাৰী-পোনেনয়ানী গাঁৱ পঞ্চায়তৰ সভাপতি কাঞ্চা মন্ডল লগতে অঞ্চলটোৰ বিভিন্ন শ্ৰেণীৰ ৰাইজে উপস্থিত থাকে । এই অনুষ্ঠানটোৰ কাৰ্যসূচী অনুসৰি এই চিলাই প্ৰশিক্ষণ শিবিৰ শুভাৰম্ভ কৰে বিলাসীপাৰা মহকুমাৰ মহকুমাৰধিপতি জয় শিবানী আৰু আশ্ৰমখনৰ তত্বাৱধায়ক ব্ৰহ্মচাৰী অচ্যুত মহাৰাজে। কাৰ্যসূচী অনুসৰি সম্বৰ্দ্ধনা সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক সম্বৰ্দ্ধনা জনোৱা হয়। পিছত এই অনুষ্ঠানত আধ্যাত্মিক সংগীত পৰিবেশন কৰা হয়। কাৰ্যসূচী অনুসৰি এই অনুষ্ঠান সম্পৰ্কে বিভিন্ন বক্তাই এই শিলাই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে মহিলাসকলক চেনেটাৰী নেপকিন তৈয়াৰ কৰাৰ প্ৰশিক্ষণ দিয়া হব বুলি বক্তব্যত উল্লেখ কৰে। পিছত প্ৰশিক্ষণ অন্তত নিজকে স্বাবলম্বী হোৱাৰ বাবে প্ৰয়াস কৰা হব বুলি জানিবলৈ দিয়ে । ইয়াৰ লগতে সংগতি বৃক্ষ ৰোপন কৰা হয়। এই অনুষ্ঠানত কেইবা শতাধিক ৰাইজ উপস্থিত থাকে ।