বাগ্সাৰ ভকুৱামাৰীত কিশোৰীক দলবদ্ধ যৌন নির্যাতন

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ বাগ্সাৰ ভকুৱামাৰীত যোৱানিশা এগৰাকী কিশোৰীক ধর্ষণ কৰি পদপথত পেলাই থৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আনন্দ বজাৰৰ কাষৰ কচুগাঁৱৰ গিয়াছ উদ্দিন নামৰ এজন ব্যৱসায়ীৰ পৰা পাব লগা টকা মাকৰ কথা মতে আনিবলৈ গৈছিল কিশোৰীগৰাকীয়ে৷

গিয়াছ উদ্দিনে কিশোৰীগৰাকীৰ হাতত পাবলগীয়া টকাখিনি আদায় দিয়াৰ লগতে সম্পর্কীয় দুই আলহী ক্রমে শালবাৰী পকালাগীৰ মিজানুৰ ৰহমানসহ দুজনৰ হাতত কিশোৰীগৰাকীক চমজাই দি বাইকেৰে ঘৰত থৈ আহিব দিয়ে৷ কিশোৰীগৰাকীয়ে যুৱক দুজনৰ সৈতে বাইকত আহিবলৈ অমান্তি হয় যদিও বলপূর্বকভাৱে কিশোৰীগৰাকীক বাইকত উঠাই নিয়ে যুৱক দুজনক৷ পিছত যুৱক দুজনে ভকুৱামাৰীৰ জংঘলৰ এক নির্জন ঠাইত ধর্ষণ কৰি পিছত কচুগাঁও নামৰ এখন ঠাইৰ পদপথত কিশোৰীগৰাকীক পেলাই থৈ যায়৷

কিশোৰীগৰাকীৰ অভিযোগ অনুসৰি প্রায় এঘণ্টা ধৰি যৌন নির্যাতন চলায় যুৱক দুজনে৷ আজি কিশোৰীগৰাকীয়ে সমগ্র ঘটনা মাতৃক অৱগত কৰে আৰু মাতৃৰ এজাহাৰৰ ভিত্তিত শালবাৰীৰ পকালাগীৰ মিজানুৰ ৰহমান নামৰ লম্পটটোক আনন্দ বজাৰ আৰক্ষীয়ে আটক কৰে৷

Featuredযৌন নির্যাতন
Comments (0)
Add Comment