বামুন্দীত লাচিত দিৱস উদযাপনঃ বিদ্যাৰ্থী পৰিষদৰ বিশাল লাচিত যাত্ৰা

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বামুন্দী শাখাৰ উদ্যোগত আজি লাচিত দিৱস পালন কৰা হয়। এই উদ্দেশ্য আজি এ বি ভি পিৰ প্ৰায় আঢ়ৈ শতাধিক কাৰ্যকৰ্তাই বামুন্দী হাইস্কুল প্ৰাঙ্গণৰ পৰা হালোগাও অভয়চৰণ চৌধাৰী ষ্টেডিয়ামলৈ এক বিশাল লাচিত যাত্ৰা উলিওৱা হয়। তিনি নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য বিপুল দাসে উদ্ধোধন কৰা লাচিত যাত্ৰাত অংশ গ্ৰহণকাৰী কাৰ্যকৰ্তাসকলে হাতে হাতে বেনাৰ লৈ প্লাষ্টিক বৰ্জন কৰি প্ৰদুষন মুক্ত অসম গঢ়ি তোলক, গছ পুলি ৰোপন কৰক, ছাত্ৰ শক্তি ৰাষ্ট্ৰ শক্তি, নিচা জাতীয় সামগ্ৰী বৰ্জন কৰক, লাভ জেহাদ আৰু ভূমি জেহাদৰ বিৰুদ্ধে সজাগ হওক, পৰ্বত পাহাৰ সংৰক্ষণ কৰক আদি ধ্বনিৰে বামুন্দীৰ ৰাজপথ মুখৰিত কৰি তোলে। লাচিত যাত্ৰাৰ অন্তত হালোগাঁও অভয়চৰণ চৌধাৰী ষ্টেডিয়ামত এখন সভা অনুষ্ঠিত হয়। সভাত বিদ্যাৰ্থী পৰিষদ বামুন্দী শাখাৰ উপ সভাপতি ভৱেশ শৰ্মা, বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জিতুমণি ভূঞা, জিলা সংযোজক অজয় কলিতা,কৃতী শিক্ষক নাৰায়ণ চন্দ্ৰ শৰ্মা শাস্ত্ৰী বিদ্যাৰ্থী পৰিষদৰ বামুন্দী শাখা সম্পাদক নিকুঞ্জ কলিতা প্ৰমুখ্যে কেইবাগৰাকী কাৰ্যকৰ্তাই বক্তব্য আগবঢ়ায়।