বালিপৰাত ৭০০ মিটাৰ দৈৰ্ঘৰ জাতীয় পতাকা লৈ বিজেপিৰ বিশাল শোভাযাত্ৰা

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট: আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি শোণিতপুৰৰ বালিপৰাত আজি ৰঙাপৰা সমষ্টিৰ বিধায়ক ভাৰতীয় জনতা পাৰ্টীৰ কৃষ্ণ কমল তাঁতীৰ উদ্যোগত সমষ্টিভিত্তিক ৭০০ মিটাৰ এক বিশাল জাতীয় পতাকা লৈ শোভাযাত্ৰা উলিওৱা হয় । বালিপৰাৰ বিধায়ক সেৱা কেন্দ্ৰৰপৰা উলিওৱা বিশাল শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকলে বিশাল পতাকাখন লৈ সমগ্ৰ বালিপৰা পৰিভ্ৰমণ কৰে । বিধায়ক তাঁতীসহ অংশগ্ৰহণকাৰীসকলে ভাৰত মাতা কি জয় , বন্দে মাতৰম আদি বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হয় ।