বিধায়ক এ কে ৰছিদ আলমক হোম কোৱাৰেণ্টাইন

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিছে গোৱালপাৰা জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ।

যোৱা ১৬ মাৰ্চত বিধায়ক আলম নতুন দিল্লীলৈ গৈছিল । ৰাজ্যৰ বিধান সভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰাৰ বাবে অধিবক্তাক সাক্ষাতৰ বাবে দিল্লীলৈ যোৱা বিধায়কগৰাকীয়ে সেই দিনাই বিমানযোগে উভতি আহিছিল ।

শেহতীয়াকৈ বিধায়ক আলমৰ এজন ঘনিষ্ঠ কভিড-১৯ ত আক্ৰান্ত হোৱাৰ পাছতে প্ৰশাসনে তেওঁক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে ।

Comments (0)
Add Comment