নিয়মীয়া বাৰ্তা, ২৩মাৰ্চ: নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড চমুকৈ বিভিএফচিএলত আজি কৰ্মচাৰীসকলৰ বাবে নতুন অনলাইন আউটগোয়িং এভিআই ব্যৱস্থা উদ্বোধন কৰা হয় । ষাঠিৰ দশকতে স্থাপিত নামৰূপ সাৰ কাৰখানাত কাৰ্যালয়ত সকলো কামকাজ পুৰণা ব্যৱস্থাপনাৰে অৰ্থাৎ মেনুৱেলি চলি আছিল। শেহতীয়া ভাবে বি ভি এফ চি এল ত ই-অফিচ স্থাপন কৰাৰ পিছত আজি বিভিএফচিএলৰ কনফাৰেন্স হলত অনলাইন আউটগোয়িং এভিআই ব্যৱস্থা উদ্বোধন কৰে উদ্যোগটোৰ অধ্যক্ষ শিৱ প্ৰসাদ মহান্তিয়ে। বি ভি এফ চি এলৰ বিত্ত সঞ্চালক সুভাষ দাস, উৎপাদন সঞ্চালক পি কে বনিক উপস্থিতি থকা উদ্বোধনী অনুষ্ঠানত চি এম ডি মহান্তিয়ে এই নতুন ব্যৱস্থা ৰূপায়ণৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টাৰ বাবে বি ভি এফ চি এল ৰ আইটি দলটোৰ শলাগ লয়।
স্মৃতি নামৰূপ