বিশ্বনাথ ঘাটত নিৰ্মাণ হ’ব ৰোপ ৱে’

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ দেওবাৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ ঘাটত উপস্থিত হৈ বিশ্বনাথ ঘাটৰ পৰা ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীগাং নৈৰ সংগমস্থলীৰ উমাটুমুনি নদীদ্বীপলৈকে নিৰ্মাণ হ’বলগীয়া ৰোপ ৱে’ৰ স্থান পৰিদৰ্শন কৰে । বিভিন্ন কাৰিকৰী দিশ পৰ্যবেক্ষণ কৰিবলৈ মন্ত্ৰীগৰাকীৰ সৈতে এটা বিশেষজ্ঞৰ দলো আহে । মন্ত্ৰীগৰাকীয়ে কাৰিকৰী বিষয়াসকলৰ সেউজ সংকেট আৰু ভূমি সম্পৰ্কীয় কাম-কাজসমূহ সম্পূৰ্ণ হ’লেই বিশ্বনাথবাসীৰ বহু প্ৰত্যাশিত ৩০০ মিটাৰ দৈঘ্য সামৰি লোৱা এই ৰোপ ৱে’ৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে ।

আনহাতে ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে বিশ্বনাথ কৃষি মহাবিদ্যালয়ত নৱনিৰ্মিত এখ ইনড’ৰ ষ্টেডিয়াম মুকলি কৰি পল্লৱলোচন দাসৰ সৈতে বেডমিণ্টন খেলে ।

DR. HIMANTA BISWA SARMA