বিশ্বনাথ মহাবিদ্যালয়ত ৰিপুঞ্জয় তামুলী সোঁৱৰণী বক্তৃতানুষ্ঠান সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ:   বিশ্বনাথ মহাবিদ্যালয়স্থিত ৰিপুঞ্জয় নলেজ হাবত প্ৰতি বছৰে ২৫ নবেম্বৰত বিগত এটা দশকতকৈয়ো অধিক কাল জুৰি অনুষ্ঠিত হৈ অহা বছেৰেকীয়া ৰিপুঞ্জয় তামুলী সোঁৱৰণী বক্তৃতানুষ্ঠান, এইবাৰো বিশ্বনাথ মহাবিদ্যালয়ৰ সহযোগত সোঁৱৰণী ন্যাসে কৃতকাৰ্য্যতাৰে সম্পন্ন কৰে। এইবাৰৰ বিষয় বস্তু আছিল “ভাষা , পৰিচয় আৰু ভাৰতৰ ধাৰণা” আৰু বিষয়টিৰ ওপৰত মননশীল বক্তৃতা প্ৰদান কৰে অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক, নিৱন্ধকাৰ তথা ৰাজনৈতিক ভাষ্যকাৰ শ্ৰীযুত প্ৰশান্ত ৰাজগুৰুৱে । ৰাজগুৰুৱে নলেজ হাবৰ এই ধাৰণাটোৰ বাবে বিশ্বনাথ চাৰিআলিৰ এক সাহসী আৰু  সকলোৰে পৰিচিত দম্পতী ভাৰত চন্দ্ৰ তামুলী আৰু জ্যোতিকণা দাস তামুলীৰ ভূয়সী প্ৰশংসা কৰে। বক্তৃতানুষ্ঠানৰ সমাপ্তিৰ পিছত অনুষ্ঠিত হোৱা সংবাদমেলত ৰাজগুৰুদেৱে ই এক অনন্য প্ৰচেষ্টা বুলি অভিহিত কৰে। এই ধৰণৰ ধ্যান ধাৰণা অসমৰ আন মহাবিদ্যালয় বিলাকেও আদৰ্শ হিচাপে গ্ৰহণ কৰিব পাৰে বুলি উল্লেখ কৰে।