বিশ্ব এইডছ দিৱস উপলক্ষে মৰিগাঁৱত ব্যতিক্ৰমী সজাগতা কায্যসূচী 

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰ: মৰিগাঁও জিলাৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ উদ্যমী যুৱ চিকিৎসক ডাঃ অমৰ জ্যোতি ডেকাৰ প্ৰচেষ্টাত স্থানীয় ৰাইজৰ সহযোগত ১ ডিচেম্বৰৰ বিশ্ব এইডছ দিৱসৰ লগত সংগতি ৰাখি আজি ঐতিহাসিক চাৰণ বিলৰ পাৰত কণ কণ শিশুৰ মাজত চিলা উৰুৱা কায্যসূচী অনুষ্ঠিত হয়। বিশিষ্ট কৃষক তুলসী ডেকাই আঁত ধৰা এই মনোগ্ৰাহী অনুষ্ঠানটো শুভাৰম্ভ কৰে বিশিষ্ট কবি সাহিত্যিক তথা সৃষ্টি প্ৰকাশৰ স্বত্বাধিকাৰী অজিত কুমাৰ ৰায়ে। এইডছৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে অনুষ্ঠিত কৰা এই অনুষ্ঠানটোৱে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।