বিহালী বৰাজুলি চাহ বাগিচাত বনৰীয়া হাতীৰ জাক

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ: বিহালী সমষ্টিৰ অন্তৰ্গত বৰাজুলী চাহ বাগিচাত কালি আবেলি ৪ মান বজাতে এজাক বনৰীয়া হাতীৰ জাক এটা ওলাই আহি বাগিচাখনৰ লগতে ওৰেটো নিশা উপদ্ৰৱ চলাই ৰাইজক শংকিত কৰি তোলে। উল্লেখযোগ্য যে, কাজিৰঙা ষষ্ঠ সংযোজন আৰু বিহালী বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতীৰ জাকটোৱে আজি একাদিক্ৰমে ১৫/২০ দিন ধৰি বিহালীৰ দক্ষিণ অঞ্চলৰ বৃহত্তৰ ৰাংছালী গাঁওৰ কৃষক ৰাইজৰ শ শ বিঘা ধান খেতিৰ বিস্তৰ ক্ষতিসাধন কৰি অহাৰ পাছত বুৰৈ নদীৰ পাৰে পাৰে আহি বিহালী বনাঞ্চলত বাঁহৰ পাতি থাকি কালি সন্ধিয়া বিহালীৰ উত্তৰ অঞ্চলত প্ৰৱেশ কৰে। হাতীৰ জাকটো যোৱা নিশা চাহ বাগিচাখনত বহু সময় ইফাল-সিফাল কৰি থাকি নতুনকৈ ৰোপণ কৰা চাহ পুলিৰ বিস্তৰ ক্ষতি সাধন কৰি ওলাই গৈ ওৰেটো নিশা দাঁতি কাষৰীয়া অঞ্চলত উপদ্ৰৱ অব্যাহত ৰাখে। ৰাইজে বহু সময় ধৰি হৈ হুলস্থূল কৰি হাতীৰ জাকটোক খেদি পথাবলৈ চেষ্টা চলাই ব্যৰ্থ হয় । নেচাৰ্ছ বন্য প্ৰাণৰ সদস্য সুব্ৰত খেৰোৱাৰে জনোৱা মতে প্ৰায়ে প্ৰকাণ্ড বনৰীয়া হাতীৰ এটিয়ে প্ৰায়ে বৰাজুলি চাহ-বাগিচা খনৰ লগতে আশে-পাশে কৃষক ৰাইজৰ খেতি- বাতি, ঘৰ দুৱাৰ ভাঙি অনিষ্ট কৰি আহিছে। বনৰীয়া হাতীৰ সন্ত্ৰাসত ৰাইজে বহু নিশা বিনিদ্ৰ ৰজনী উদযাপন কৰি আহিছে। ৰাইজে বন-বিভাগক বাৰম্বাৰ জনাই আহিছে যদিও ৰাইজক সকাহ দিয়াত ব্যৰ্থ হৈছে। বন বিভাগে যাতে ইয়াৰ এক যথোপযুক্ত ব্যৱস্থা হাতত লয় তাৰবাবে বনাঞ্চলিক বিষয়াগৰাকীৰ প্ৰতি নেচাৰ্ছৰ সদস্য গৰাকীয়ে আহ্বান জনাইছে।