ব্যতিক্রমী ভেলাঘৰেৰে নাগৰিকত্ব আইনৰ বিৰোধিতা নগাঁৱৰ বাংথাই গাঁওবাসীৰ

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ মাজত আৰু মাত্র পাঁচটা দিন৷ আহি পালে হেঁপাহৰ ভোগালী৷ গাঁৱে–ভূঞে, চহৰে–নগৰে ভোগালীক আদৰিবলৈ ব্যাপক প্রস্তুতি চলিছে৷ বিশেষকৈ গ্রামাঞ্চলত ঢেঁকীৰ শব্দ আৰু পৰম্পৰাগত ভেলাঘৰ, মেজি নির্মাণক লৈ অন্তহীন ব্যস্ততা পৰিলক্ষিত হৈছে৷

ব্যাপক ৰূপত অব্যাহত থকা ‘কা’বিৰোধী প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰিও তাৰ সমান্তৰালকৈ নগঞা ৰাইজ নামি পৰিছে ভোগালীৰ প্রস্তুতিত৷ জিলাখনৰ ৰহাৰ আমনিশালীত প্রকৃতি সংৰক্ষণৰ বার্তাবাহক আকর্ষণীয় ভেলাঘৰ নির্মাণৰ সমান্তৰালকৈ জিলাখনৰ নগাঁও চহৰৰ পৰা মাত্র দহ কিলোমিটাৰ নিলগৰ বাংথাই গাঁৱৰ ৰাইজেও সাজি প্রায় সম্পূর্ণ কৰি তুলিছে আন এক ব্যতিক্রমী তথা অতি আকর্ষণীয় ভেলাঘৰ৷ প্রকাণ্ড ভেলাঘৰটোত নির্মাণ কৰা হৈছে এখন বৃহৎ আকৃতিৰ অসমৰ মানচিত্র৷ ধানৰ নৰাৰে নির্মাণ কৰা এই মানচিত্রখনৰ ওপৰত নির্মাণ কৰা হৈছে তৰোৱাল লৈ থকা অৱস্থাত লাচিত বৰফুকনৰ এক প্রতিমূর্তি৷ আনহাতে, ভেলাঘৰৰ ওপৰত বাঁওফালে লিখা আছে ‘কা’ আমি নামানো বুলি৷ আনহাতে সোঁফালে লিখা আছে ‘জয় আই অসম’৷

লগতে ভেলাঘৰটোত সন্নিৱিষ্ট কৰা হৈছে তিনিখন ৰঙীন গামোচা, য’ত লিখা আছে ‘কা’বিৰোধী কেতবোৰ শ্লোগান৷

Featured
Comments (0)
Add Comment