বঢ়মপুৰৰ শ্ৰীমন্ত শংকৰ মিছণ অন্ধ বিদ্যালয়ত গীতে-মাতে শিশু দিৱস পালন

নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ ৰাজ‍্যৰ ভিন্ন প্ৰান্তৰৰ দৰে বঢ়মপুৰতো প্ৰয়াত প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুৰ জন্মদিনটো কভিড নিয়ম পালন কৰি বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছণ অন্ধ বিদ‍্যালয়ত এক গাম্ভীয‍্যপূৰ্ণ অনুষ্ঠানেৰে শিশু দিৱস উদযাপন কৰে।কভিডৰ প্ৰতি লক্ষ‍্য ৰাখি সীমিত সংখ‍্যক ছাত্ৰ ছাত্ৰীৰ দ্বাৰা অনষ্ঠানটি আয়োজন কৰা হয়।

উল্লেখ‍্য যে এই অনুষ্ঠানতে নগাঁও আইন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে আজিৰ শুভদিনত বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ লগত মতবিনিময় কৰাৰ লগতে প্ৰয়োজনীয় সামগ্ৰী আৰু আহাৰ যোগান ধৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰয়াত প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুৰ প্ৰতিছব্বিত বন্তি প্ৰজ্বলন-মাল‍্য অৰ্পন, এজোপা গোলাপ ৰোপনৰ লগতে শিশুক ভালপোৱা প্ৰয়াত প্ৰধানমন্ত্ৰীজনৰ জীৱন দৰ্শন আলোকপাত কৰে।