ভকতিদুৱাৰ বিদ্যালয়ৰ সপ্তম শ্রেণীৰ শিক্ষার্থীৰ আলোচনী ‘ঊষা কিৰণ’ উন্মোচন

নিয়মীয়া বার্তা, ২৮ নৱেম্বৰঃ মাজুলীৰ অন্যতম শিক্ষাৰ বুনিয়াদ স্বৰূপ ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে জন্মলগ্ণৰে পৰা ছাত্র–ছাত্রীসকলৰ সাহিত্য, সংস্কৃতি, শিক্ষা, খেলা– ধূলাত ছাত্র–ছাত্রীৰ মান বিকাশৰ বাবে বিভিন্ন ধৰণৰ কার্যসূচী ৰূপায়ণ কৰি আহিছে৷ এই উদ্দেশ্যেই বুধবাৰে বিদ্যালয়খনৰ সপ্তম শ্রেণীৰ ছাত্র–ছাত্রীসকলে প্রকাশ কৰি উলিওৱা ৬০ পৃষ্ঠাৰ ‘ঊষা কিৰণ’ নামৰ হাতেলিখা আলোচনী উন্মোচন কৰা হয়৷ গ্রন্থখন উন্মোচন কৰি বিদ্যালয়খনৰ অৱসৰপ্রাপ্ত অধ্যক্ষ সুভেত চন্দ্র ঘোষে বিদ্যালয়খনৰ পূর্বৰ দিনবোৰ সুঁৱৰি ছাত্র–ছাত্রীসকলৰ সাহিত্য ৰ দিশটো বিকাশৰ ক্ষেত্রত বিদ্যালয় কর্তৃপক্ষই গ্রহণ কৰি অহা এনেধৰণৰ পদক্ষেপৰ শলাগ লয়৷ এই উপলক্ষে অনুষ্ঠিত সভাখনৰ আঁত ধৰে বিদ্যালয়ৰ অধ্যক্ষ দুর্গেশ্বৰ শইকীয়াই৷ বিদ্যালয়খনৰ সপ্তম শ্রেণীৰ ছাত্র–ছাত্রীসকলে নিজা প্রচেষ্টাত, নিজা লেখাৰে সজাই তোলা হাতেলিখা আলোচনীখন সম্পর্কত অনুভৱ ব্যক্ত কৰে শিক্ষয়িত্রী তথা আলোচনীখনৰ উপদেষ্টা জোনমণি বৰাই৷ সভাত প্রাক্তন ছাত্র প্রাঞ্জল খাউণ্ডে বিদ্যালয়খনৰ পৰা প্রথম প্রকাশ কৰি উলিওৱা ছপা আলোচনী ‘প্রতিধবনি’ সম্পর্কত বিদ্যালয়খনত প্রতিবছৰেই প্রকাশ পোৱা প্রতিটো শ্রেণীৰ প্রাচীৰ পত্রিকাসমূহৰ ওপৰত বক্তব্য দিয়ে৷ বিদ্যালয়খনত এটা সময়ত পঢ়ি যোৱা প্রাক্তন ছাত্র বর্তমান অসমৰ সাহিত্য জগতৰ অন্যতম লেখক গোবিন কুমাৰ খাউণ্ড, বর্তমানৰ অধ্যাপক অঞ্জন শইকীয়াকে ধৰি বহুকেইজন ছাত্র–ছাত্রীৰ বর্তমানৰ স্থিতি সম্পর্কত ছাত্র–ছাত্রীসকলক অৱগত কৰে বিদ্যালয়ৰ অধ্যক্ষ দুর্গেশ্বৰ শইকীয়াই৷ বিদ্যালয়খনৰ সাহিত্যৰ দিশটোৰ উত্তৰণৰ বাবে বিদ্যালয়খনে কৰি অহা কার্যসূচীৰ লগতে ছাত্রী–ছাত্রীসকলক পৰামর্শমূলক বক্তব্য প্রদান কৰে অধ্যক্ষজনে৷ এই উন্মোচনী সভাখনত বিদ্যালয়খনৰ উপাধ্যক্ষ বিপুল শইকীয়া, পুষ্পা চেতিয়া, ভাস্কৰ ঘোষ, জেষ্ঠ শিক্ষক কৃষ্ণৰাম বৈৰাগী, নগেন খাউণ্ড, পূর্ণকান্ত বৰুৱা, সন্তনা খাউণ্ডকে ধৰি শিক্ষক–শিক্ষয়িত্রী, অভিভাৱক আৰু শতাধিক ছাত্র–ছাত্রী উপস্থিত থাকে৷ বিদ্যালয়খনে গ্রহণ কৰি অহা এন ধৰণৰ আদর্শনীয় পদক্ষেপৰ শলাগ লয় অঞ্চলবাসী তথা অভিভাৱকসকলে৷