মই সাৰ্বজনীন দাদা, কোনেও যাতে বেয়াকৈ নলয়

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ জুবিন গাৰ্গ আৰু কলিতা জনগোষ্ঠীৰ মাজত বিৰ্তক অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে মঙলদৈত জুবিন গাৰ্গ আৰু কলিতা জনগোষ্ঠীৰ যৌথ সংবাদমেল । এই সংবাদমেলৰ জৰিয়তে জুবিন গাৰ্গ আৰু কলিতা ছাত্ৰ সন্থাই নিজৰ স্থিতি স্পষ্ট কৰে । জুবিনে গাৰ্গে সংবাদমেলত কলিতা জনগোষ্ঠীক ভুল নুবুজিবলৈ আহ্বান জনোৱাৰ লগতে জুবিনক লৈ কোনো ক্ষোভ নাই বুলি কয় কলিতা ছাত্ৰ সন্থাই ।

ইফালে , নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা জুবিন গাৰ্গে এইবাৰ কলিতা জনগোষ্ঠীৰ লগত একেলগে এই সংগ্ৰাম চলাই যোৱাৰ কথা প্ৰকাশ কৰে । এই বিতৰ্কিত আইনখন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলাম বুলি কয় জুবিন গাৰ্গে । প্ৰয়োজনত অকলেই আন্দোলন অব্যাহত ৰাখি নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাই হে এৰিম বুলি উল্লেখ কৰে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ গৰাকীয়ে ।

মই সাৰ্বজনীন দাদা , কেতিয়াবা কথা কওঁতে ক’ব নলগা বহু কথা ওলাই যায় তাৰ বাবে কোনেও যেন বেয়াকৈ নলয় সেয়াও অনুৰোধ কৰে অসমবাসীৰ মৰমৰ শিল্পীগৰাকীয়ে । একাংশ বিজেপিৰ লোকে এই আন্দোলন স্তব্ধ কৰাৰ বাবে সামাজিক মাধ্যমযোগে জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰ অব্যাহত ৰাখিছে বুলিও অভিযোগ কৰে শিল্পীগৰাকীয়ে ।

Featured
Comments (0)
Add Comment