নিজ সমষ্টিত মন্ত্রী ফণীভূষণক বিশ্বাসঘাতক আখ্যা; বৰ্জনৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে উত্তাল বঙাইগাঁও । শনিবাৰে জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ উদ্যাগত অনুষ্ঠিত সভাত উপস্থিত হাজাৰ হাজাৰ লোকে মন্ত্রী ফণীভূষণ চৌধুৰীক বিশ্বাসঘাতক আখ্যা দি বর্জন কৰাৰ সংকল্প গ্রহণ কৰে ৷

আছু, আক্রাছু, কৃষক মুক্তি সংগ্রাম সমিতি, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, গৰিয়া–মৰিয়া–দেশী জাতীয় পৰিষদ, বঙাইগাঁও জিলা শিল্পী সমাজকে ধৰি কেইবাটাও দল–সংগঠনৰ আহ্বানমর্মে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবীত পাঁচ সহস্রাধিক লোকৰ উপস্থিতিত এই সভা অনুষ্ঠিত হয় ৷

সভাত আইনখন মানি নোলোৱাৰ লগতে আইনখন বাতিল নোহোৱাপর্যন্ত গণতান্ত্রিকভাৱে আন্দোলন গঢ়ি তোলাৰ সংকল্প গ্রহণ কৰা হয় ৷

আনহাতে জাতীয়তাবাদীৰ কথা কৈ বিগত সাতটাকৈ কার্যকাল বঙাইগাঁৱৰ পৰা বিধায়ক হিচাপে নির্বাচিত হৈ অহা অগপ নেতা তথা মন্ত্রী ফণীভূষণ চৌধুৰীয়ে আইনখনৰ সমর্থন কৰি ৰাইজক প্রতাৰণা কৰাৰ অভিযোগ তোলে ৷ সভাত উপস্থিত সকলোৱে থিয় হৈ আগন্তুক দিনত তেওঁক বর্জন কৰাৰ সংকল্প গ্রহণ কৰে ৷

বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্রাম সমিতিৰ সম্পাদক নন্দন দেৱনাথে বিজেপি আৰু অগপৰ মন্ত্রী–বিধায়ক সকলোকে বিশ্বাসঘাতক আখ্যা দি আগন্তুক দিনত মন্ত্রী ফণীভূষণ চৌধুৰীক প্রত্যাখ্যান কৰাৰ লগতে বঙাইগাঁও জিলা অগপ আৰু দলৰ আঞ্চলিক সমিতিসমূহক পদত্যাগ কৰাৰ আহ্বান জনায় ৷

আনহাতে বঙাইগাঁও জিলা আছুৰ সভাপতি যিনোদ নাথে বিতর্কিত আইনখন মানি লোৱা নহ’ব বুলি স্পষ্ট কৰে আৰু আইনখন প্রৱর্তন কৰা জাতিদ্রোহী দালালসকলক প্রশ্রয় নিদিয়াৰ বাবে আহ্বান জনায় ৷

ইফালে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ জিলা সভাপতি মনোৰঞ্জন ভাগৱতীয়ে আইনখন সমর্থন কৰাৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্রী ফণীভূষণ চৌধুৰীক সমালোচনা কৰি কয় যে জাতিধ্বংসী আইনখন সমর্থন কৰি ফণীভূষণ চৌধুৰী সম্প্রতি নিৰুদ্দেশ হৈ পৰিছে ৷ ৰাইজৰ এই সংকটৰ সময়ত জনপ্রতিনিধিজনে নিজক বচাই আত্মগোপন কৰিবলগীয়া হৈছে ৷

Comments (0)
Add Comment