ম্যানমাৰ সীমান্তত ধৃত আলফা স্বাধীনৰ ২ সদস্য

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ দেশত লকডাউন অব্যাহত থকাৰ সময়তেই কালি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপাঙত আলফা স্বাধীনৰ দুগৰাকী সদস্য সুৰক্ষা বাহিনীৰ জালত পৰে ।

কালি বিশেষ সূত্ৰৰ পম খেদি চাংলাং জিলাৰ আৰক্ষী অধিক্ষক মিহিন গেমবৰ নেতৃত্বত জিলা আৰক্ষীৰ দল, ১৯ অসম ৰাইফলছ আৰু ১৭১ চিআৰপিএফৰ সহযোগত অৰুণাচল প্ৰদেশৰ ম্যানমাৰ সীমান্তত অভিযান চলাই আটক কৰা আলফা কেডাৰ দুজন হ’ল জাহ্নু বৰুৱা আৰু কাৰ্বি আংলঙৰ চন্দ্ৰকান্ত লেখাৰু ।

ইপিনে আলফা কেডাৰ দুজনে কূটাঘাতৰ লক্ষ্যৰে অসমত প্ৰৱেশ কৰিছিল বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে ।

Comments (0)
Add Comment