মৰিগাঁৱত কুকুৰাপালকক কলিংগ ব্ৰাউন জাতৰ কুকুৰা পোৱালি প্ৰদান

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ ৰাষ্ট্ৰীয় পশুধন আচনি অন্তৰ্গত পিছ চোতালৰ মূৰ্গী পালন আঁচনিৰ জৰিয়তে আজি মৰিগাঁও জিলা পশুপালন-পশু চিকিৎসা বিভাগে জিলাখন কুকুৰাপালকসকলক উন্নত জাতৰ কলিংগ ব্ৰাউন জাতৰ কুকুৰা পোৱালি প্ৰদান কৰে৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ ১৫০ গৰাকী কুকুৰা পালকক প্ৰদান কৰা এই উন্নত জাতৰ কুকুৰা পোৱালি প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা পশুপালন-পশু চিকিৎসা বিভাগৰ জিলা বিষয়া ডাঃ নীলোৎপল কাকতি, গুৱাহাটীৰ চেনিকুঠী সঞ্চালকালয়ৰ RKVY সমন্বয়ক ড° শান্তনু নাথৰ লগতে জিলা পশুপালন বিভাগৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে ৷

প্ৰেৰক মানস নাথ

Featured