যোৰহাটত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডক গৰিহণা জনাই ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ যোৰহাটৰ মাজ মজিয়াত গোলাঘাটৰ ছাত্ৰ নেতা অনিমেষ ভূঞাক একাংশ দুস্কৃতিকাৰী লোকে বৰ্বৰ ভাৱে হত্যা কৰা জঘন্য ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে প্ৰদেশ কংগ্রেছৰ সভাপতি শ্ৰী ভূপেন কুমাৰ বৰাই। এই জঘন্য ঘটনাত জড়িত লোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।

লগতে প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ আহ্বানমৰ্মে প্ৰদেশ কংগ্রেছৰ তৰফৰ পৰা গোলাঘাট জিলা কংগ্ৰেছৰ এটি সজাতি দলে ছাত্ৰনেতা অনিমেশ ভূঞাৰ বাসগৃহত উপস্থিত হৈ শোকসন্তাপত থকা পৰিয়ালৰ সদস্যলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

সাংস্কৃতিক নগৰ ৰূপে খ্যাত যোৰহাট চহৰৰ মাজে মজিয়াত এদল দুৰ্বৃত্তই অতি নৃশংসভাৱে হত্যা কৰা ঘটনাক গোলাঘাট জিলা কংগ্ৰেছে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু দোষী সকলোকে অতিশীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ।

গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েৰ নেতৃত্বত জিলা কংগ্ৰেছৰ এটা সঁজাতি দলে দুৰ্ভগীয়া পৰিয়ালটিৰ কাষত উপস্থিত হৈ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । লগতে ২০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে পৰিয়ালৰ এজনক চৰকাৰে সংস্থাপন দিবলৈ দাবী জনায় ।