লংকাত নামঘৰ লণ্ডভণ্ড দুষ্কৃতিকাৰীৰ; ফালি–ছিৰি দলিয়ালে পৱিত্র কীর্তনঘোষা–ভাগৱত

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ ৰাজ্যখনত ‘কা’বিৰোধী আন্দোলন চলি থকা অৱস্থাতে যোৱানিশা লংকাৰ বামুণগাঁৱৰ কামপুৰীয়া নামঘৰ আৰু বৈকুণ্ঠগাঁও নামঘৰত দুষ্কৃতিকাৰীয়ে লুটপাত কৰাৰ লগতে বিস্তৰ ক্ষতি কৰে৷

নামঘৰ লণ্ডভণ্ড

দুষ্কৃতিকাৰীয়ে নামঘৰৰ দানপাত্র ভাঙি নগদ টকা লুটি নিয়াৰ লগতে থাপনাত থকা ভাগৱত, কীর্তনঘোষা, নামঘোষা আদি ডলিয়াই আনি ফালি–ছিৰি ৰাজপথত পেলাই দিয়ে৷ ঘটনা সংক্রান্তত নামঘৰ পৰিচালনা সমিতিয়ে এজাহাৰ দাখিল কৰে৷

 

ঘটনাস্থলীত ডদালী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ এই কার্যত কোন জড়িত আছে, এই সম্পর্কে এতিয়াও আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই৷ নামঘৰৰ ধম্য় অনুভূতিত আঘাত হানি ধম্য় পুথি ফালি–ছিৰি পেলোৱা কার্যক লংকাৰ সকলো শ্রেণীৰ নাগৰিকে গৰিহণা দিছে আৰু ভৱিষ্যতে এনে গর্হিত কার্য সংঘটিত নহ’বৰ বাবে প্রশাসনক এতিয়াৰ পৰাই সস্তম হ’বৰ বাবে আহ্বান জনাইছে৷

Featured
Comments (0)
Add Comment