লাওখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত কাঠপাৰা পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ ধন আত্মসাতৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ৮ জুন: নগাঁও জিলাৰ লাওখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত কাঠপাৰা পঞ্চায়তত এমজিএনৰেগা ৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে ৷ লাওখোৱা উন্নয়ন খণ্ডৰ ১১ টাকৈ পঞ্চায়তত এতিয়া দুৰ্নীতিয়েই এক প্ৰকাৰ নীতিত পৰিণত হৈছে ৷ কাঠপাৰা পঞ্চায়তৰ নবীন চন্দ্ৰবৰদলৈ এল পি স্কুলৰ চৌহদৰ ভূমি উন্নয়নৰ বাবৎ ২০১৭-১৮ বিত্তীয় বৰ্ষত ৭ লাখ ৪২ হাজাৰ টকাৰ ব্যয় সাপেক্ষে ভূমি উন্নয়ন আবন্টন দিছিল। এমজিএনৰেগা আঁচনিৰ আধাৰত কিছু পৰিমাণৰ কাম কৰিছে যদিও জব কাৰ্ড শ্ৰমিকক অন্ধকাৰত ৰাখি টকা আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে তদানীন্তন সময়ৰ সচিব চাহাব উদ্দিনৰ বিৰুদ্ধে। সেইসময়ৰ উন্নয়ন খণ্ডৰ দুৰ্নীতিৰ শিখৰত থকা চাহাব উদ্দিন আছিল লাওখোৱা উন্নয়ন খণ্ডৰ উঠি ৰজা বহি ৰজা। বিভিন্ন চৰকাৰী আঁচনিৰ ফুটা কঢ়িও কাম নকৰাকৈ ধন আত্মসাৎ কৰা সচিব চাহাব উদ্দিনৰ চকু জব কাৰ্ড শ্ৰমিকৰ টকাৰ ওপৰত। পৰ্বতসম দুৰ্নীতি সংঘটিত কৰি লাওখোৱা পৰা বদলি হৈ যোৱা চাহাব উদ্দিনৰ বিৰুদ্ধে শ্ৰমিকে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাত নিজৰ প্ৰাপ্য আদায়ৰ বাবে আমবাগান আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ।

প্ৰেৰকঃ জহিৰুল ইছলাম/ৰূপহীহাট