লেহেম গতিৰে চলিছে অভি–নীল হত্যাকাণ্ডৰ বিচাৰ প্রক্রিয়া

নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ দেশ কঁপোৱা অভি–নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানিক লৈ শংকিত আৰু হতাশগ্রস্ত হৈ পৰিছে দুই ভুক্তভোগী পৰিয়াল৷ গোচৰটোৰ বিচাৰ প্রক্রিয়া লেহেম গতিৰে আগবাঢ়িছে বুলি আক্ষেপ প্রকাশ কৰাৰ লগতে উদ্বেগ প্রকাশ কৰিছে অভি–নীলৰ পিতৃদ্বয় গোপাল চন্দ্র দাস আৰু অজিত নাথে৷

দেশ কঁপোৱা এই হত্যাকাণ্ডৰ ডেৰ বছৰৰো অধিক সময় পাৰ হ’ল যদিও বিচাৰ প্রক্রিয়াক লৈ আজিও আশ্বস্ত নোহোৱাৰ কথা অকপটে ব্যক্ত কৰিলে অভি–নীলৰ পিতৃদ্বয়ে৷ উল্লেখ্য যে গোচৰটোৰ সাক্ষীয়ে বাৰে বাৰে ভাষ্য সলনি কৰিছে৷ সেয়েহে হত্যাকাণ্ডৰ ডেৰ বছৰৰো অধিক সময় পাৰ হ’ল যদিও এতিয়াও চাপমুক্ত হোৱা নাই ভুক্তভোগী পৰিয়াল দুটা৷ বাৰে বাৰে সাক্ষীৰ ভাষ্য সলনি, ভুৱা প্রমাণ–পত্রৰে অভিযুক্তৰ এগৰাকীক জুভেনাইল দাবী, বিভিন্ন পক্ষৰ হেঁচা আদিকে ধৰি একাধিক কাৰণত লেহেম হৈ পৰিছে গোচৰটোৰ শুনানি৷ অভি–নীল হত্যাকাণ্ডৰ গোচৰটোৰ আজি শুনানি আছিল নগাঁও আদালতত৷ সোমবাৰে এই ঘটনাৰ চাক্ষুষ সাক্ষীৰ শুনানি আছিল যদিও শুনানিত সাক্ষীয়ে ভাষ্য সলনি কৰাক লৈ উদ্বিগ্ন হৈ পৰিছে অভি–নীলৰ পৰিয়াল৷ আনহাতে, ভাষ্য সলনি কৰা ৰাজু বসুমতাৰী নামৰ চাক্ষুষ সাক্ষীগৰাকীক আগন্তুক ২১ মার্চত নগাঁও আদালতেCROSS EXAMINATIONৰ নির্দেশনাও প্রদান কৰা বুলি জানিব পৰা গৈছে৷

আনহাতে, এই গোচৰ প্রক্রিয়া লেহেম হোৱাক লৈও আস্থা হেৰুৱাই পেলাইছে অভি–নীলৰ বন্ধুবর্গ আৰু গুণমুগ্ধই৷ উত্থাপিত অভিযোগ অনুসৰি, এক সুবিধাবাদী চক্রই বাৰে বাৰে ভাষ্য সলনি কৰিবলৈ সাক্ষীক প্রশিক্ষণ প্রদান কৰি আহিছে৷  গোচৰটোৰ শুনানি উপলক্ষে অতি কটকটীয়া নিৰাপত্তাৰ মাজেৰে অভিযুক্তসকলক আদালতত হাজিৰ কৰোৱা হৈছিল৷ চাক্ষুষ সাক্ষীৰ ভাষ্য গ্রহণৰ সময়ত আদালতত উপস্থিত থাকে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ পিতৃদ্বয় অজিত নাথ আৰু গোপাল চন্দ্র দাস৷

উল্লেখ্য যে ২০১৮ বর্ষৰ ৮ জুনত কার্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তর্গত পাণজুৰি গাঁৱত সংঘটিত এই জঘন্য হত্যাকাণ্ডৰ গোচৰৰ প্রক্রিয়া খৰতকীয়া কৰিবলৈ ন্যায়পালিকা আৰু চৰকাৰী পক্ষক আহ্বান জনাইছে অভি–নীল স্মৃতিৰক্ষা সমিতিৰ লগতে বিভিন্ন দল–সংগঠনে৷ অভি–নীলৰ পিতৃ–মাতৃৰ লেখ আবেদনৰ ভিত্তিত এই গোচৰটো ডিফু আদালতৰ পৰিৱর্তে নগাঁও আদালতলৈ স্থানান্তৰিত কৰা হৈছিল৷

Comments (0)
Add Comment