শিশুৰ কলৰৱেৰে মুখৰ নগাঁও গ্ৰন্থমেলা

বিশেষ বার্তা, ১৮ ডিচেম্বৰ : নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত ১৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত নগাঁও গ্ৰন্থ মেলাই আজি শিশুৰ দিন হিচাপে উদযাপন কৰে। আজি পুৱা শিশুৰ কাকলিৰে মুখৰিত হৈ পৰে নেহৰুবালি। আজি মাধৱানন্দ মহন্ত শ্ৰদ্ধাৰ্ঘ অনুষ্ঠানৰ লগত সংগতি ৰাখি মাধৱানন্দ মহন্ত সোঁৱৰণি চিত্ৰাংকন, সাধু কোৱা, আবৃত্তি আৰু অন্যান্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতা আনুষ্ঠানিক ভাৱে মুকলি কৰে নূপুৰ মোমাইদেও খ্যাত সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই। প্ৰতিযোগিতাসমূহ পৰিচালনা কৰে সপোনটি বৰদলৈয়ে। এই প্ৰতিযোগিতাসমূহত প্ৰায় তিনিশতাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে। সন্ধিয়া সাংস্কৃতিক গোষ্ঠী বনহ‌ংস, ১৯৮৯ চনৰ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় ছাত্ৰ গোট আৰু সঞ্জীৱনী প্ৰকাশনৰ সহযোগত পুথিৰ পৰিচয় সম্পৰ্কত এক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত প্ৰয়াত অমৰ বৰাৰ সদ্য প্ৰকাশিত নাহৰ, বতাহী, কুকুৰনেছিয়াৰ নোমাল নেজ আৰু কাজলি নামৰ উপন্যাসকেইখনৰ এক পৰিচয় দাঙি ধৰা হয়। জ্যোতিৰ্ময় চক্ৰৱৰ্তী, খনিন্দ্ৰ গোস্বামী, মুকুট ৰঞ্জন শইকীয়া, প্ৰাণজিৎ তত্ত্বাৱধানত অনুষ্ঠিত এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক প্ৰভাত বৰা, কবি ডাঃ প্ৰয়াগ শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে। সন্ধিয়া মুকলি কুইজ আৰু হৰি কুমাৰ চুব্বা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

প্ৰেৰক কনক হাজৰিকা

Featured