সভ্যতা’ আৰু ‘কলংপাৰ’ পৰিয়ালৰ গ্ৰাম্য শিশু গ্ৰন্থ-উৎসৱ আৰু শিক্ষণ-সঁজুলি বিতৰণ

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ সংহাৰি কৰ’নাই সামাজিক পৰিৱেশলৈ বহু পৰিৱৰ্তন আনিলে৷ জনজীৱন লাহে লাহে স্বাভাৱিক হৈ আহিছে৷ মানুহ নিজ নিজ কৰ্মক্ষেত্ৰত তৎপৰ হৈ পৰিছে৷ অসমৰ প্ৰান্তীয় অঞ্চলবোৰত আগৰ স্বাভাৱিক পৰিৱেশ নাই৷ দুটা বছৰৰ কৰ’ণা পৰিস্থিতিৰ বাবে অৰ্থনৈতিক দুৰবস্থাই মানুহক বাৰুকৈয়ে জুৰুলা কৰি ৰাখিছে, তাতে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি৷ সাধাৰণ দুখীয়া পৰিয়াল এটা চলিবলৈ উপায় নোহোৱা হৈ পৰিছে৷ অসমৰ বহু গ্ৰাম্য পৰিৱেশত থকা পৰিয়ালৰ শিশুসকলে আজি লাভ কৰা নাই আধুনিক শিক্ষাৰ পৰিৱেশ৷ তেওঁলোকৰ অভিভাৱকসকলৰো বহু অৰ্থনৈতিক সমস্যা৷ কোনোমতে চৰকাৰী বিদ্যালয়ত তেওঁলোকৰ শিশুসকলে পঢ়া-শুনা কৰিছে যদিও সীমিত পৰিমাণৰ পাঠ্যপুথিৰ বাহিৰে বিভিন্ন সাধু কিতাপ, জ্ঞান-বিজ্ঞানৰ কিতাপ, মহৎলোকৰ বাণী, বুঢ়ী আইৰ সাধু, ৰংমন, মৌচাক, সঁফুৰা, নতুন আৱিষ্কাৰ আৰু শিক্ষণ সঁজুলি ড্ৰয়িং বুক, ছবিত ৰং কৰা সঁজুলি, পেঞ্চিল বক্স, বুদ্ধি বিকাশৰ বাবে প্ৰয়োজনীয় শিক্ষণ-সঁজুলি আদি দেখিয়েই পোৱা নাই৷ একোগৰাকী শিশুৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ বাবে আৰু একোটা অঞ্চলত পঢ়াৰ পৰিৱেশ এটা গঢ়ি তুলিবলৈ এইসমূহ শিক্ষণ সামগ্ৰী শিশুৱে লাভ কৰাটো প্ৰয়োজন৷ গতিকে— সমাজ-সংস্কৃতি-ইতিহাসমূলক সাময়িকী ‘সভ্যতা’ আৰু মধ্য-অসমৰ পৰা প্ৰকাশিত সাপ্তাহিক ‘কলংপাৰ’ কাকতে এই সকল শিশুৰ ৰুচিপূৰ্ণ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ‘গ্ৰাম্য শিশু গ্ৰন্থ-উৎসৱ আৰু শিক্ষণ-সঁজুলি বিতৰণ’ৰ এক পৰিকল্পনা হাতত লৈছে৷ আজি নগাঁও জিলাৰ বামুনীৰ সমীপৱৰ্তী বৰলালুং গাঁৱৰ শিশুসকলৰ মাজত সভ্যতা আৰু কলংপাৰৰ কৰ্মীসকলে শিশুসকলৰ মাজত বিভিন্ন শিশু গ্ৰন্থ, শিশু আলোচনী আৰু শিক্ষাৰ অন্যান্য সঁজুলি বিতৰণ কৰে৷

অনুষ্ঠানত উপস্থিত থাকে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক ড° কুলেন দাস, ‘সভ্যতা’ৰ সম্পাদক বিপ্লৱজ্যোতি ভূঞা, ‘সভ্যতা’ৰ প্ৰকাশক প্ৰত্যুষ ৰঞ্জন ভাগৱতী, সমাজকৰ্মী ৰাতুল বৰা, ঈশান কোচ ৰাজবংশী, ছাত্ৰনেতা-সমাজকৰ্মী মনোজ সিংহ ৰাজা, বৰলালুং গাঁৱৰ অভিভাৱক আৰু শিশুসকল৷ সভ্যতা আৰু কলংপাৰৰ ফালৰ পৰা জানিব দিয়ে— আমি কিতাপক গ্ৰাম্য অঞ্চলসমূহত জনপ্ৰিয় কৰাৰ মানসেৰে এই প্ৰচেষ্টা অব্যাহত থাকিব৷ কিতাপৰ মনোৰম জগতখন সকলো শিশুৱেই বিচৰণ কৰক, পাঠ্যপুথিৰ বাহিৰেও অন্য শিশু উপযোগী কিতাপ তেওঁলোকেও পঢ়ক, কিতাপৰ মাজেৰেও বুজি উঠক সমাজক, কল্পনা কৰিবলৈ শিকক, ভাবিবলৈ শিকক আৰু বৌদ্ধিকভাৱে আগুৱাই যাওক৷ আনহাতে— ‘সভ্যতা’ আৰু ‘কলংপাৰ’ৰ এই আদৰণীয় কাৰ্যক অসমৰ সচেতন সমাজে সঁহাৰি জনোৱাৰ প্ৰয়োজন— এই কথা কয় সভ্যতাৰ সম্পাদক বিপ্লৱজ্যোতি ভূঞাই৷