স্বচ্ছ, সেউজ আৰু প্লাষ্টিকমুক্ত মাজুলী ৰাসোৎসৱ প্ৰতিযোগিতাৰ পুৰস্কাৰ ঘোষণা

যোগ্যতাৰ ভিত্তিত স্বচ্ছতা আৰু প্লাষ্টিকমুক্ত পৰিৱেশৰ মাজেৰে ৰাস উদযাপন কৰা তিনিখন আয়োজক সমিতি সন্মিলিত শিল্পী সমাজ, উত্তৰ কমলাবাৰী সত্ৰ আাৰু গড়মূৰ সত্ৰই ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ জনতাৰ চৰকাৰ মাই গভ অসমৰ উদ্যোগত আৰু মাজুলী জিলা প্ৰশাসনৰ সহযোগত মাজুলীত আয়োজন কৰা স্বচ্ছ, সেউজ আৰু প্লাষ্টিকমুক্ত ৰাসোৎসৱ প্ৰতিযোগিতাৰ বিজয়ী আয়োজক সমিতি সমূহক শুকুৰবাৰে পুৰস্কাৰ প্ৰদান কৰা হয়। এই পুৰস্কাৰ সমূহ মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত প্ৰদান কৰে। যোগ্যতাৰ ভিত্তিত স্বচ্ছতা আৰু প্লাষ্টিকমুক্ত পৰিৱেশৰ মাজেৰে ৰাস উদযাপন কৰা তিনিখন আয়োজক সমিতি সন্মিলিত শিল্পী সমাজ, উত্তৰ কমলাবাৰী সত্ৰ আাৰু গড়মূৰ সত্ৰই ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।

FeaturedMYGOV ASSAM