সৰুপেটাত বিশিষ্ট সাংবাদিক জীতেন্দ্ৰ কুমাৰ চৌধুৰীৰ ‘ভালুকপুঙৰ দুৰ্দান্ত গজৰাজ’ উদ্বোধন

নিয়মীয়া বাৰ্তা,২১ মেঃ ‘প্ৰকাশিত একো-একোখন কিতাপৰ শিৰোনামটোৱেই মনলৈ একো একোখন ছবি কঢ়িয়াই আনে। লেখক তথা বিশিষ্ট সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ দ্বাৰা ৰচিত ‘ভালুকপুঙৰ দুৰ্দান্ত গজৰাজ’ শীৰ্ষক গ্ৰন্থখনিৰ শিৰোনামটোৱেই গ্ৰন্থখনৰ মূল বিষয়বস্তুৰ চিনাকী দিছে।গ্ৰন্থখনিত আজিৰে পৰা প্ৰায় অৰ্দ্ধশতিকা আগৰ হস্তী তথা মানুহৰ জীৱন্ত সংঘাত চিত্ৰিত কৰা হৈছে তেওঁৰ অনুকৰণীয় লেখন শৈলীৰে।গ্ৰন্থখনিৰ পঠনে পাঠক সমাজক হাতী চিকাৰৰ এক ৰোমাঞ্চকৰ অভিজ্ঞতাৰেই যে সম্ভেদ দিব তেনে নহয়,পাঠক সমাজক অসমৰ এসময়ৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাটোৰ সৈতেও পৰিচয় কৰাই দিব।’এই মন্তব্য বিশিষ্ট লেখক তথা ‘দৈনিক অসম’ কাকতৰ বা তথা ‘দৈনিক অসম’ কাকতৰ বাৰ্তা সম্পাদক ৰঞ্জিত হাজৰিকাৰ।বিশিষ্ট লেখক গৰাকীয়ে আজি বিয়লি প্ৰায় তিনি বজাত ‘দৈনিক অসম’ কাকতৰ ডেপুটি চীফ অব নিউজ ব্যুৰো তথা জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ দ্বাৰা ৰচিত সৰুপেটাৰ বাসিন্দা তথা হস্তিনাপুৰ মৌজাৰ মৌজাদাৰ তথা অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত চিকাৰী প্ৰয়াত কুমুদ চন্দ্ৰ চৌধুৰীৰ ৰোমাঞ্চকৰ হাতী চিকাৰৰ কাহিনীৰ ওপৰত যুগুতোৱা আৰু গুৱাহাটীৰ ‘অনিকেত প্ৰকাশন’এ প্ৰকাশ কৰি উলিওৱা ‘ভালুকপুঙৰ দুৰ্দান্ত গজৰাজ’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰি দিয়া ভাষণত এনেদৰে মন্তব্য প্ৰকাশ কৰে। উল্লেখ্য,সৰুপেটাৰ সন্তান তথা বি এইচ বি মহাবিদ্যালয়ৰ একালৰ ছাত্ৰ চৌধুৰীয়ে এতিয়ালৈকে ‘বিষ্ণুৰাম মেধিৰ পৰা সৰ্বানন্দ সোণোৱাললৈ ১৯৫২-২০১৬’,’ অসমলৈ বিদেশী প্ৰব্ৰজন–নেহৰুৰ পৰা গান্ধীলৈ’ আৰু ‘অসমক ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য ৰূপে প্ৰতিষ্ঠা কৰাৰ সপোন’ শীৰ্ষক তিনিখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে আৰু পাঠকৰ মাজত বহুল সমাদৃত গ্ৰন্থসমূহৰ বাবে বিভিন্ন ক্ষেত্ৰত বিশেষ সন্মানো লাভ কৰিবলৈ সমৰ্থ হৈছে।’ভালুকপুঙৰ দুৰ্দান্ত গজৰাজ’ শীৰ্ষক গ্ৰন্থখনি সাংবাদিক চৌধুৰীৰ প্ৰকাশিত চতুৰ্থখন গ্ৰন্থ।উন্মোচক হাজৰিকাই জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ পূৰ্বৰ গ্ৰন্থকেইখনৰ তুলনাত ‘ভালুকপুঙৰ দুৰ্দান্ত গজৰাজ’ শীৰ্ষক উন্মোচিত গ্ৰন্থখনিৰ বিষয়বস্তু তথা লিখন শৈলী পৃথক বুলিও মন্তব্য কৰে।তেওঁৰ মন্তব্য–জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ পূৰ্বৰ প্ৰকাশিত গ্ৰন্থসমূহত সংবাদধৰ্মিতা আছিল।ৰাজ্যখনৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ বিশ্লেষণ আছিল।কিন্তু চৌধুৰীৰ আজিৰ উন্মোচিত গ্ৰন্থখনিত সাহিত্য আছে,সংস্কৃতি আছে।উন্মোচক চৌধুৰীয়ে ভৱিষ্যতলৈ জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ কলমৰ পৰা গল্প-উপন্যাস সৃষ্টি হোৱাৰো কামনা কৰে।আনহাতে প্ৰয়াত কুমুদ চন্দ্ৰ চৌধুৰীয়ে নিজৰ জীৱন বিপন্ন কৰি হলেও কেৱল মানৱ কল্যাণৰ বাবেই হাতী চিকাৰ কৰিবলগীয়া হৈছিল বুলি উন্মোচক হাজৰিকাই মন্তব্য কৰে।তেওঁ প্ৰয়াত চৌধুৰীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে।আনহাতে গ্ৰন্থ উন্মোচনী সভাত উপস্থিত ‘দৈনিক অসম’ কাকতৰ ‘কুইজ মাষ্টাৰ’ হিচাপে পৰিচিত নৱকান্ত বৈশ্যইও বহুমূলীয়া ভাষণ প্ৰদান কৰে।তেওঁৰ মন্তব্য–চিকাৰ ভিত্তিক ইতিপূৰ্বে প্ৰকাশিত গ্ৰন্থসমূহ চিকাৰীসকলে তেওঁলোকৰ ৰোমাঞ্চকৰ চিকাৰ কাহিনীৰ ওপৰত নিজেই লিখি থৈ গৈছে। কিন্তু এইখনেই চিকাৰ কাহিনীৰ ওপৰত লিখিত প্ৰথমখন গ্ৰন্থ,যিখন গ্ৰন্থ ৰচনাত অনুলিখন পদ্ধতিৰ সহায় লোৱা হৈছে।তেওঁ প্ৰকাশিত গ্ৰন্থখনিৰ ‘ডিজিটেল’ সংস্কৰণৰো পোষকতা কৰে।অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যাপক উপেন্দ্ৰনাথ বৰ্মণেও প্ৰয়াত চৌধুৰীক লগ পোৱা সময়ৰ কথা বৰ্ণনা কৰে।উল্লেখ্য,আজিৰ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত প্ৰয়াত কুমুদ চন্দ্ৰ চৌধুৰীৰ একালৰ কৰ্মসহযোগী স্থানীয় দুই সতীৰ্থ মন্মথ দাস আৰু উত্তম কলিতাকো প্ৰয়াত চৌধুৰীৰ পৰিয়ালৰ‌ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়। ভালুকপুঙৰ দুৰ্দান্ত হাতীটো নিধনৰ সময়ৰ সক্ৰিয় সহযোগী মন্মথ দাসে অসম-অৰুণাচল সীমান্তৰ দফলা জনজাতীয় লোকেৰে পৰিবেষ্টিত অঞ্চলটোত উক্ত হাতীটো নিধনৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বৰ্ণনা কৰি আটাইকে শিহৰিত কৰি তোলে।আন এগৰাকী সতীৰ্থ উত্তম কলিতাই প্ৰয়াত চৌধুৰীক ধীৰ,স্থিৰ,সাহসী, সংযমী,পৰোপকাৰী ব্যক্তি আছিল বুলি মত ব্যক্ত কৰে।লেখক-সাংবাদিক চৌধুৰীয়েও গ্ৰন্থখনি ৰচনাৰ তাড়ণা আৰু প্ৰেক্ষাপট বৰ্ণনা কৰে।সভাত সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ মাতৃ অনুপমা চৌধুৰীয়েও প্ৰয়াত কুমুদ চন্দ্ৰ চৌধুৰীৰ সান্নিধ্যলৈ অহাৰ বিষয়ে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰি লিখিত ভাষণ পাঠ কৰে। জালাহৰ অনন্ত একাডেমীৰ অধ্যক্ষ ভবেশ শৰ্মাইও সভাত ভাষণ দিয়ে।সামৰণিত শলাগৰ শৰাই অনুষ্ঠানত প্ৰয়াত কুমুদ চন্দ্ৰ চৌধুৰীৰ জ্যেষ্ঠ পুত্ৰ পৰাগজিৎ চৌধুৰীয়ে তেওঁৰ পিতৃ অকল হাতী চিকাৰীয়েই নাছিল বাঘ চিকাৰী আৰু মেলা চিকাৰী আছিল বুলিও মত ব্যক্ত কৰে।অনুষ্ঠানত সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীক তেওঁৰ সৰুপেটাৰ একালৰ সহপাঠীসকলে সম্বৰ্দ্ধনা জনায়।উল্লেখ্য,বি এইচ বি মহাবিদ্যালয়ৰ অধ্যাপিকা নমিতা দাস গুৰুঙে আঁত ধৰা আৰু মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক নয়নজোতি তালুকদাৰে উদ্দেশ্য ব্যাখ্যা কৰা আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত কুমুদ চন্দ্ৰ চৌধুৰীৰ প্ৰতিচ্ছবিৰ সম্মুখত জ্যোৎস্না চৌধুৰী আৰু অজিত চৌধুৰীয়ে ক্ৰমে বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কাৰ্যসূচী ৰূপায়ন কৰে।পৰিয়ালৰ তৰফৰ পৰা আমন্ত্ৰিতসকলক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।সাংবাদিক চৌধুৰীয়ে বি এইচ বি মহাবিদ্যালয়ত একালত ছাত্ৰ হিচাপে পঢ়ুওৱা তেওঁৰ চাৰিগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু ড০ মনোৰঞ্জন দাস,ড০ অমিয়া মহন্ত,ড০ ফণীধৰ তালুকদাৰ আৰু ৰীণাৰাণী ডেকাক একোটিকৈ মূৰ্তি প্ৰদান কৰি সম্বৰ্দ্ধনা জ্ঞাপন কৰেে।জাতীয় সঙ্গীত পৰিবেশনেৰে আজিৰ সভাৰ সামৰণি মৰা হয়।

ভূষণ তালুকদাৰ