হাৰিয়ানাত স্পাৰ ভিতৰত গণধর্ষণৰ বলি ১৪ বছৰীয়া তৰুণী

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ ১৪ বছৰীয়া নাবালিকা এজনীক স্থানীয় স্পাত চাকৰি দিয়াৰ নামত গণধর্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ হাৰিয়ানাৰ গুৰুগ্রামৰ এই ঘটনাক কেন্দ্র কৰি ইতিমধ্যে তীব্র অস্থিৰতা সৃষ্টি হৈছে৷ নাবালিকাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চাৰিজনৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্রহণ কৰিছে৷ অভিযুক্তসকলৰ ভিতৰত এই স্পাখনৰ মালিকো আছে৷ নাবালিকাই অভিযোগ কৰা অনুসৰি কিছুদিন পূর্বে এজন লোকে তেওঁক এক চিকিৎসকৰ চেম্বাৰত কামৰ সন্ধান দিয়ে৷ কিন্তু কামত যোগ দিয়াৰ মাত্র দুদিন পাছতে নাবালিকাক আঁতৰাই দিয়া হয়৷ ইয়াৰ ১৫ দিন পাছতে একেজন অভিযুক্তই এখন স্পাত কামৰ সুযোগ দিয়াৰ প্রস্তাৱ দিয়ে৷ কিন্তু নাবালিকাই অভিযোগ কৰা অনুসৰি স্পাৰ ভিতৰত থকা এটা ঘৰত প্রতিদিনে তেওঁৰ ওপৰত গণধর্ষণ চলিছিল৷ প্রতিদিনে ১০–১৫জন লোকে ধর্ষণ কৰিছিল এই তৰুণীক৷