হেলেমত চোৰৰ উপদ্রৱ

নিয়মীয়া বার্তা, ৩ ডিচেম্বৰঃ গহপুৰ মহকুমাৰ হেলেম থানাৰ অন্তর্গত অসম গ্রামীণ বিকাশ বেংকৰ চন্দামাৰী শাখাত দেওবাৰে নিশা চোৰে তাণ্ডৱ চলোৱা ঘটনাই সমগ্র অঞ্চলটোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সোমবাৰে পুৱা শাখাটোৰ বেংক পৰিচালকগৰাকী শাখাটোত উপস্থিত হোৱাৰ পিছত তেওঁ শাখাটোৰ পূবফালৰ লোৰ দুৱাৰখন খোলা অৱস্থাত প্রত্যক্ষ কৰাত নিশা শাখাটোৰ ভিতৰত চোৰ প্রৱেশ কৰা বুলি পৰিচালকগৰাকী নিশ্চিত হয় আৰু লগে লগে তেওঁ এই বিষয়ে আৰক্ষীক অৱগত কৰে ৷ প্রথমে চালিৰ টিন খুলি ভিতৰত প্রৱেশ কৰাৰ পিছত দুৱাৰৰ তলা ভাঙি চোৰৰ দলটো বাহিৰলৈ যোৱা বুলি সন্দেহ কৰা হৈছে ৷ নগদ ধন থকা ভল্ট ৰুমটোৰ দুৱাৰখনৰ তলা ভঙাৰ চেষ্টা কৰিছিল যদিও সফল নহ’ল চোৰৰ অভিযান৷ চোৰৰ দলটোৱে শাখাটোৰ ভিতৰৰ পৰা এটা ইনভাৰটাৰ মেচিন লৈ যোৱা বুলি জানিব পৰা গৈছে ৷