ৰঙিয়াত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ এপল’ মিলৰ কৰ্মচাৰীৰ

দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবী

ৰঙিয়া, ২১ নৱেম্বৰঃ ৰঙিয়াৰ এপল’ মিলৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ। মিলটোৰ সন্মুখত অনশন শ্ৰমিক-কৰ্মচাৰীসকলৰ। প্ৰায় ৩ বছৰে বন্ধ হৈ থকা মিলটোৰ পুনৰ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে কিন্তু বৰ্তমানলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে কৰ্মচাৰীসকল। বিগত ৩ বছৰে বেতন বঞ্চিত হৈ আছে প্ৰায় ৬০০ কৰ্মচাৰী গতিকে প্ৰাপ্য বেতন  দিয়াৰো দাবী কৰ্মচাৰীসকলৰ। দীৰ্ঘদিনীয়া এই সমস্যাবোৰ পূৰণৰ প্ৰতিশ্ৰুতি নিদিয়ালৈকে ধাৰাবাহিকভাবে প্ৰতিবাদ সাব্যস্ত কৰিব মিলটোৰ কৰ্মচাৰীসকলে

ৰঙিয়াত প্ৰতিবাদ