ৰঙিয়াত পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা

থিতাতে নিহত এজন, আহত ৭জন

ৰঙিয়াঃ ৰঙিয়াৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। নলবাৰীৰ পৰা ৰাস চাই ওভটাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটো। ৰৈ থকা ট্ৰাকত খুন্দা মাৰুতি ভানৰ। দুৰ্ঘটনাটোত থিতাতে নিহত প্ৰদীপ কলিতা নামৰ এজন লোক। নিহত লোকজনৰ ঘৰ ওদালগুৰিৰ বেংবাৰীত আনহাতে দুৰ্ঘটনাটোত আহত হয় সাতজনকৈ লোক। পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো। আহত আটাইকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

ৰঙিয়াত দুৰ্ঘটনা