মহানগৰীৰ ৮ স্থানৰ পৰা আটক ১৯১জন চাইবাৰ অপৰাধী

🔹 আন্তঃৰাষ্ট্রীয় চাইবাৰ অপৰাধী চক্রৰ গ্রাসত অসম

🔹 প্রাক্তন আইএএছ বিষয়া আতিকা চুলতানাৰ পুত্র তচদিকুৰক বিচাৰি অভিযান আৰক্ষীৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ছেপ্টেম্বৰ : ৰাজ্যিক অথবা দেশীয় চক্র নহয়৷ এইবাৰ আন্তঃৰাষ্ট্রীয় চাইবাৰ অপৰাধীৰ চকু পৰিছে ভাৰতবর্ষৰ অষ্টলক্ষ্মীৰ অন্যতম অসমত৷ উত্তৰ-পূর্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ অসমৰ গুৱাহাটী মহানগৰীৰ পৰাই নিয়ন্ত্রিত হৈছে আন্তঃৰাষ্ট্রীয় চাইবাৰ অপৰাধ ৷ দীর্ঘদিনীয়া বিৰতিৰ অন্তত গুৱাহাটী মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাৰ যুটীয়া অভিযানত পোহৰলৈ আহিল এই বিস্ফোৰক তথ্য৷ কালি নিশাৰ পৰা মহানগৰীৰ বিভিন্ন প্রান্তত আৰক্ষী–অপৰাধ শাখাৰ যুটীয়া অভিযানত মুঠ আঠ স্থানৰ পৰা ১৯১জন চাইবাৰ অপৰাধীক আটক কৰাৰ লগতে সমগ্র এই প্রক্রিয়াটোত জড়িত তিনিজন অন্যতম অভিযুক্তক গ্রেপ্তাৰ কৰা হয়৷ ধৃত তিনিজন অন্যতম অভিযুক্ত হৈছে ক্রমে কৰিমগঞ্জ জিলাৰ দেৱজ্যোতি দে’ ওৰফে ডেভিড (৩১), পঞ্জাবৰ লুধিয়ানাৰ ৰাজন ছিদানা (৩৯) আৰু দিল্লীৰ দিব্যম অৰোৰা (৩১)৷ তিনি অভিযুক্তই মহানগৰীত ভুৱা কল চেণ্টাৰ নির্মাণ কৰি বহু যুৱক–যুৱতীক এই কামত লিপ্ত কৰি বছৰ বছৰ ধৰি কোটি কোটি টকা নিৰীহ জনসাধাৰণৰ পৰা লুণ্ঠন চলাই আছিল৷ চাইবাৰ অপৰাধ জগতৰ এই চাঞ্চল্যকৰ তথ্য সন্দর্ভত তদন্ত আগবঢ়াই এতিয়া স্বয়ং হতভম্ব হৈ পৰিছে আৰক্ষী আয়ুক্তও ৷ আজি এই সন্দর্ভত আয়োজিত এক সংবাদ মেলত আৰক্ষী আয়ুক্ত বৰাই কয় যে প্রায় তিনি মাহ পূর্বে মহানগৰীত অবৈধভাৱে পৰিচালিত হৈ থকা চাইবাৰ অপৰাধ চক্রৰ কল চেণ্টাৰৰ বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰিছিল৷ সেই মর্মে তদন্ত অব্যাহত ৰাখি আৰক্ষীয়ে কেন্দ্রসমূহ ভুৱা বুলি নিশ্চিত হোৱাৰ পিছত কালি নিশাৰ ভাগত পৃথকে পৃথকে বিভিন্ন স্থানত অভিযান চলাই তিনি অভিযুক্তক গ্রেপ্তাৰ কৰাৰ লগতে চক্রটোৰ সৈতে জড়িত আন ১৯১জন লোকক আটক কৰে৷

কিদৰে চলিছিল অভিযান
গোপন সূত্রৰ খবৰৰ ভিত্তিত তিনি মাহ পূর্বেই ভুৱা কল চেন্টাৰৰ তথ্য লাভ কৰা মহানগৰ আৰক্ষীয়ে প্রথমতে নিজাববীয়াকৈ তদন্ত আগবঢ়াই কল চেণ্টাৰসমূহ চিনাক্ত কৰিছিল৷ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰী কৰা মতে প্রায় দুবছৰ পূর্বৰে পৰা ভুৱা এই কেন্দ্রসমূহ চলি আছিল৷ সাধাৰণতে আন কল চেণ্টাৰৰ তুলনাত পৃথক এই কেন্দ্রসমূহ সক্রিয় হৈ উঠিছিল নিশাৰ ভাগতহে৷ নিশা প্রায় ১১ বজাৰ পিছতহে এই কেন্দ্রবোৰ সক্রিয় হৈছিল৷ আৰক্ষী তথা সাধাৰণ লোকৰ নজৰৰ পৰা কল চেণ্টাৰৰ কার্যকলাপ  আঁতৰাই ৰাখিবলৈ বহু কৌশল অৱলম্বন কৰিছিল চাইবাৰ অপৰাধী চক্রটোৱে৷ নিশাৰ ভাগত সক্রিয় হৈ থকা কেন্দ্রটোৰ বাহিৰলৈ যাতে অকণো পোহৰ বাহিৰলৈ ওলাব নোৱাৰে, তাৰ বাবে কেন্দ্রটোত থকা দুৱাৰ–খিৰিকীবোৰত ক’লা ৰঙৰ ডাঠ প্লাষ্টিকেৰে আঠা লগাই দিয়া হৈছিল৷ অবৈধ কার্যকলাপক লোকচক্ষুৰ  পৰা আঁতৰাই ৰখা এই চক্রটো ইমানেই সতর্ক আছিল যে কেন্দ্রটোত কাম কৰা কর্মচাৰীয়েও নিজৰ বাহন আন ঠাইতহে ৰখাই থৈ আহিছিল৷ পূর্বতে বহুবাৰ উক্ত চেণ্টাৰসমূহৰ সৈতে জড়িত লোকক কৰায়ত্ত কৰাৰ চেষ্টা চলাইছিল যদিও এই কাৰণবোৰৰ বাবেই সফল হোৱা নাছিল মহানগৰ আৰক্ষী৷ কিন্তু কালি নিশা সেই সুযোগ আহিল৷ পূর্ব পৰিকল্পিতভাৱে বৃহৎ এই চক্রটোক কৰায়ত্ত কৰাৰ বাবে মহানগৰ আৰক্ষীয়ে অপৰাধ শাখাৰ সৈতে যুটীয়াভাৱে গঠন কৰিছিল ১৫টা দল৷ উপ-আৰক্ষী আয়ুক্ত পর্যায়ৰ বিষয়াৰ পৰা সহকাৰী আৰক্ষী আয়ুক্ত পর্যায়ৰ বিষয়াৰ নেতৃত্বত ১৫টা দলে অভিযান চলাইছিল গুৱাহাটীৰ বিভিন্ন প্রান্তত৷ মহানগৰীৰ বামুণীমৈদাম, মনো মটর্ছৰ সমীপত থকা এটা বিল্ডিং, বৰবাড়ীৰ ভিআইপি ৰোডৰ ট্রাষ্ট মটর্ছৰ বিপৰীতে থকা বিল্ডিং, জু–তিনিআলিৰ আউট ছায়াৰ চলিউচনৰ কার্যালয়ত, ৰাজগড় ৰোডৰ এজি মেডিকেয়াৰৰ বিল্ডিং, এবিচি পইণ্টৰ হোটেল ডি অগ্ণিদ্বীপৰ সমীপত, খ্রীষ্টানবস্তিৰ লগতে জুৰোডত অৱস্থিত গুৱাহাটী চেণ্ড্রেলমলত কালি নিশা আৰক্ষীৰ দলে পৃথকে পৃথকে অভিযান আৰম্ভ কৰে৷ হঠাতে হোৱা এই অভিযানত একাংশ চাইবাৰ অপৰাধী পলাই সাৰিবলৈ সক্ষম হয় যদিও ১৯৪জন আৰক্ষীৰ জালত পৰিল৷ পূর্বে উল্লেখ কৰা মতে ইয়াৰে ১৯১জনক আটক কৰা হৈছে যদিও তিনিজনক গ্রেপ্তাৰ কৰা হৈছে৷ আটকাধীনসকলৰ ভিতৰত ১৪৪গৰাকী যুৱক হোৱাৰ লগতে ৪৭গৰাকী যুৱতী বুলি আৰক্ষী আয়ুক্তই সদৰী কৰিছে৷ কালি মাজনিশা প্রায় ১২ বজাৰ পৰা আৰম্ভ হোৱা এই অভিযান আজি দিনৰ প্রায় ১১ বজালৈ চলে ৷ অভিযানত আৰক্ষীৰ দলটোৱে ১৬৪টা ডেক্সটপ কম্পিউটাৰ, ৯০টা লেপটপ, ২৬টা ম’বাইল ফোনসহ আন বহু ইলেক্ট্র’নিক সামগ্রী জব্দ কৰে৷

চাইবাৰ চক্রৰ অন্যতম অভিযুক্ত দেৱজ্যোতি দে’ৰ লাইফ ষ্টাইলক লৈ স্তম্ভিত আৰক্ষী : চর্চাত প্রাক্তন প্রশাসনিক বিষয়া আতিকা চুলতানাৰ পুত্র তচদিকুৰ ৰহমান 

কালি নিশা চলোৱা অভিযানত আৰক্ষীৰ জালত পৰা দেৱজ্যোতি দে’ ওৰফে ডেভিডৰ লাইফ ষ্টাইলক লৈ স্তম্ভিত হৈ পৰিছে আৰক্ষী৷ ২০০৯ চনত কৰিমগঞ্জৰ পৰা গুৱাহাটীলৈ অহা ডেভিডে পৰৱর্তী সময়ত কলকাতাতো কাম কৰিছিল৷ ২০১৬ চনৰ পৰা গুৱাহাটীত এনে চাইবাৰ অপৰাধৰ সৈতে জড়িত হৈ পৰা ডেভিডে ২০২১ চনৰ পৰা সম্পূর্ণৰূপে এই চক্রটোৰ সৈতে জড়িত হৈ পৰে৷ বিএমডব্লিউ গাড়ী নিজৰ যাতায়াতৰ বাবে ব্যৱহাৰ কৰা প্রৱঞ্চক ডেভিডে ডুবাইত শেহতীয়াকৈ এটা কার্যালয় আৰু এজেন্সী ক্রয় কৰে ৷ ঠিক একেদৰে এই ঘটনাটোত চর্চালৈ আহিছে প্রাক্তন প্রশাসনিক বিষয়া আতিকা চুলতানাৰ পুত্র তচদিকুৰ ৰহমানো৷ কালি নিশা আৰক্ষীয়ে জয়ানগৰৰ ডেভিডৰ বাসগৃহত অভিযান চলোৱাৰ লগতে গান্ধীবস্তিৰ শুভম এপার্টমেণ্টত থকা আতিকা চুলতানাৰ ঘৰতো অভিযান চলায়৷ আৰক্ষীৰ আগমনৰ বতৰা পাই পলায়ন কৰে আতিকা চুলতানাৰ পুত্র তচদিকুৰ ৰহমানে ৷ বর্তমানেও মহানগৰ আৰক্ষীয়ে তচদিকুৰৰ সন্ধান অব্যাহত ৰাখিছে৷ আৰক্ষী সূত্রই সদৰী কৰা মতে সমগ্র এই চাইবাৰ চক্রটোৰ মূল অভিযুক্ত আছিল তচদিকুৰ ৰহমান৷ যাৰ নেতৃত্বতে বিগত কেইবা বছৰ ধৰি গুৱাহাটীৰ পৰা সক্রিয় হৈ আছিল আন্তঃৰাষ্ট্রীয় চাইবাৰ চক্রটো৷ কানাডা, আমেৰিকাকে ধৰি পশ্চিমীয়া দেশৰ পৰা এই চক্রটো নিয়ন্ত্রিত হৈ থকা বুলি অৱগত হৈছে আৰক্ষী৷ এই সন্দর্ভত আৰক্ষীয়ে পৰৱর্তী সময়ত উক্ত দেশকেইখনৰ আৰক্ষীৰ সৈতেও যোগাযোগ কৰিব বুলি জানিব পৰা গৈছে৷ মহানগৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/ ৪১৯/৪২০/৩৮৫/৪৬৭/ ৪৬৮/৪৭১/৫০৭ নং ধাৰাৰ লগতে তথ্য প্রযুক্তি আইন ২০০০ৰ অধীনত ৬৫/৬৬/৬৬ (বি)/৬৬ (চি)/৬৬ (ডি) নং সহযোগী ধাৰাৰ অধীনত ৮/২০২৩ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

Featured