চিবিআইৰ জালত চিপিডব্লিউডিৰ কার্যবাহী অভিযন্তা

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ বিল মোকলাই দিয়াৰ বিনিময়ত উৎকোচ বিচাৰি চিবিআইৰ জালত পৰিল কেন্দ্রীয় লোকনির্মাণ বিভাগ (চিপিডব্লিউডি)ৰ এগৰাকী কার্যবাহী অভিযন্তা৷ ঠিকাদাৰৰ পৰা উৎকোচ লৈ থকা সময়তে কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাৰ দলে হাতে–লোটে ধৰা পেলাই গ্রেপ্তাৰ কৰে চিপিডব্লিউডিৰ কার্যবাহী অভিযন্তা ৰাজীৱ কুমাৰ খান্নাক৷ উল্লেখ্য যে ধৃত অভিযন্তাগৰাকীয়ে ৰথীন তালুকদাৰ নামৰ এজন ঠিকাদাৰৰ পৰা প্রাপ্য বিল মোকলাই দিয়াৰ বিনিময়ত বৃহৎ পৰিমাণৰ উৎকোচ দাবী কৰিছিল৷ ঠিকাদাৰগৰাকীয়ে তামুলপুৰস্থিত কেন্দ্রীয় বিদ্যালয়ত বিভিন্ন নির্মাণকার্য আৰু মেৰামতিৰ কাম কৰিছিল৷ ইয়াৰ বাবদ তেওঁৰ পাবলগীয়া বিলৰ পৰিমাণ হ’ল ৪০ লাখ৷ কিন্তু কার্যবাহী অভিযন্তা ৰাজীৱ কুমাৰ খান্নাই এই বিলৰ ২ শতাংশ ধন উৎকোচ হিচাপে বিচাৰে৷ বিল মোকলাই দিয়াৰ বিনিময়ত ঠিকাদাৰজনৰ পৰা ধন বিচাৰি ৰাজীৱ কুমাৰ খান্নাই ধাৰাবাহিকভাৱে তাগিদা দিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পিছত ঠিকাদাৰ তালুকদাৰে চিবিআইত দিয়া অভিযোগৰ ভিত্তিত দুর্নীতিবিৰোধী আইনৰ ৭নং ধাৰাৰ অধীনত ৩/২০২০নং গোচৰ ৰুজু কৰে৷ পূর্ব পৰিকল্পনা অনুসৰি কালি নিশা ৰথীন তালুকদাৰে চিপিডব্লিউডিৰ কার্যবাহী অভিযন্তা ৰাজীৱ কুমাৰ খান্নাক দহ হাজাৰ টকা উৎকোচ দিওঁতে হাতে–লোটে গ্রেপ্তাৰ কৰে৷ কালি নিশা ৮ বজাৰ পৰা আজি পুৱা ৫ বজালৈ অভিযন্তাগৰাকীৰ আজাৰাস্থিত চৰকাৰী বাসগৃহত অভিযান চলাই চিবিআইৰ দলটোৱে নগদ ২.২০ লাখ টকা জব্দ কৰে৷ তেওঁৰ চণ্ডীগড়স্থিত বাসগৃহতো অভিযান চলা বুলি জানিব পৰা গৈছে৷ ইফালে, ধৃত ৰাজীৱ কুমাৰ খান্নাক আজি আদালতে ৫ দিনৰ চিবিআইৰ জিম্মালৈ প্রেৰণ কৰে৷

Comments (0)
Add Comment