লক্ষ্য ৬ কোটি : ২ কোটি টকাৰ ৰঙালাউ ৰপ্তানি বোকাখাতৰ কৃষকৰ

নিয়মীয়া বার্তা, ৩০ এপ্ৰিলঃ বোকাখাত সমষ্টিৰ অন্তৰ্গত কুৰুৱাবাহী যোগনীয়া আৰু চহলা-ছ’গুৰি অঞ্চলত বৃহৎ পৰিমাণৰ মাটিত ৰঙালাউ খেতিৰে একপ্ৰকাৰৰ বিপ্লৱ আনিছে বোকাখাতৰ একাংশ উদ্যমী কৃষক‍ে৷ কেৱল ৰবিশস্যৰ ওপৰতেই অধিক নির্ভৰশীল বান অধ্যুষিত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে আনবোৰ শস্যতকৈ ৰঙালাওৰ খেতি অধিক কৰিবলৈ ধৰিছে৷ উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ বলিয়া বানৰ বাবে শালিখেতিৰ পৰিৱৰ্তে সাধাৰণতে সকলোধৰণৰ ৰবিখেতি কৰে কৃষক ৰাইজে ৷ শেহতীয়াকৈ বহিঃৰাজ্যত ৰঙালাওৰ চাহিদা অধিক বৃদ্ধি পোৱাৰ বাবে আনবোৰ ৰবিখেতিতকৈ ৰঙালাওৰ খেতিক গুৰুত্ব প্ৰদান কৰিছে৷ লক্ষ্যণীয় যে, বৃহত্তৰ অঞ্চলটোৰ পৰা কৃষি বিভাগ আৰু স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ সহযোগত যোৱা বৰ্ষত বহিঃৰাজ্যলৈ প্ৰায় দুই কোটি টকাৰ ৰঙালাও কৃষকসকলে ৰপ্তানি কৰি লাভৱান হ’বলৈ সক্ষম হৈছিল৷ চলিত বৰ্ষ সেই পৰিমাণ ৬ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে বৃহত্তৰ অঞ্চলটোৰ কৃষকসকলে৷ কৃষকসকলে জনোৱা অনুসৰি, যোৱা বৰ্ষত ‘জয় শ্ৰীৰাম্’ আৰু ‘অৰ্জুনা’ নামেৰে দুটা প্ৰজাতিৰ ৰঙালাও খেতি কৰিছিল কৃষকসকলে৷ সেই দুই প্ৰজাতিৰ ৰঙালাওৰ চাহিদা কিছু কম আছিল আৰু সেই দুই প্ৰজাতিৰ গোটসমূহ সৰু আছিল ৷ কিন্তু চলিত বৰ্ষত কৃষি বিভাগ আৰু কৃষিমন্ত্ৰীৰ সহযোগত উন্নতমানৰ ‘১৩৭’ নামৰ এক নতুন প্ৰজাতিৰ ৰঙালাওৰ খেতি কৰা হৈছে৷ অঞ্চলটোৰ প্ৰায় তিনি হাজাৰ বিঘা মাটিত এই ৰঙালাওবিধৰ খেতি কৰিছে কৃষকসকলে৷ এই ৰঙালাওৰ একোটাহঁতৰ ওজন ৭ৰ পৰা ১০ কেজি পৰ্যন্ত হৈছে৷ কিন্তু কৃষকসকলে জনোৱাৰ অনুসৰি, বহিঃৰাজ্যৰ বজাৰত বৰ্তমান ৰঙালাও দৰ কিছু কম৷ বৃহত্তৰ অঞ্চলটোৰ কৃষকসকলে ৬.৫০ টকাৰ পৰা ৭.৫০ টকা প্ৰতি কিলো হিচাপত ৰঙালাও বহিঃৰাজ্যলৈ ৰপ্তানি কৰি আহিছে৷ অৱশ‍্য‍ে, এয়া দাম খৰছৰ অনুপাতে‍ যথেষ্ট কম হোৱাৰ বাবে‍ একাংশ কৃষকে ৰঙালাওসমূহ দিবলৈ অস্বীকাৰ কৰিছে৷ যাৰ বাবে হাজাৰ হাজাৰ ৰঙালাও পথাৰতে নষ্ট হ’বলৈ ধৰিছে৷ এক তথ্য অনুসৰি, বৰ্তমানলৈকে প্ৰায় দুই কোটি টকাৰ ৰঙালাও বহিঃৰাজ্যলৈ ৰপ্তানি কৰিছে এইসকল কৃষকসকলে৷ বৰ্তমানো বৃহত্তৰ অঞ্চলটোৰ কৃষি পথাৰৰ যিমানলৈকে দৃষ্টি যায় কেৱল ৰঙালাও আৰু ৰঙালাওকে দেখিবলৈ পোৱা যায়৷ প্ৰতিদিনেই ৪-৫ খনকৈ ট্ৰাকত ৰঙালাও বহিঃৰাজ্যলৈ ৰপ্তানি কার্য চলি আছে‍৷ কৃষকসকলে জনোৱা অনুসৰি, এইক্ষেত্ৰত বোকাখাত মহকুমা কৃষি বিভাগে পূৰ্ণ সহযোগিতা আগবঢ়াইছে৷ স্বাৱলম্বিতাৰ ক্ষেত্ৰত কৃষকসকল লাভাম্বিত হোৱাত কৃষি বিভাগৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাৰ শলাগ লৈছে কৃষকসকলে ৷
প্ৰেৰক সুদীপ্ত তামুলী
Featured